চানডুবিত চলিছে কংগনা ৰানাৱটৰ ইমাৰজেন্সীৰ শ্বুটিং

0 174

বলিউড কুইন কংগনা ৰানাৱটৰ আহিবলগীয়া ছবি বহু চৰ্চিত কথাছবি ইমাৰজেন্সীৰ শ্বুটিং সম্প্ৰতি প্ৰকৃতিৰ নৌৰ্সগিক দৃশ্যৰে ভৰপূৰ চানডুবিত ৷বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ নিজা প্ৰডাকচনৰ ছবিখনৰ দৃশ্যগ্ৰহণ ইয়াৰ পূৰ্বে ১৩ নৱেম্বৰৰ পৰা কাজিৰঙাৰ পাশ্বৰ্ৱতী অঞ্চল,বোকাখাত আৰু মহানগৰীৰ উপকন্ঠ চন্দ্ৰপুৰৰ পানীখাইটিত হৈছিল ৷যোৱা পোন্ধৰ দিন ধৰি অভিনেত্ৰী গৰাকী বৃহৎ শ্বুটিং ইউনিট লৈ ব্যস্ত হৈ আছে ছবিখনৰ দৃশ্যগ্ৰহণ ৷ উল্লেখ্য যে দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ ১৯৭৫-১৯৭৭ ৰ সময়ছোৱাত হোৱা জৰুৰীকালীন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ইমাৰজেন্সী কথা ছবিখন।ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰানাৱটে ৷একেদৰে কংকনাই ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে৷
আনহাতে পুৰণ এম্বেছাদৰ সহ বহু পুৰণি গাড়ীৰ সমাহাৰ ঘটিছে শ্বুটিং স্থলী ৷পুৱাৰে পৰা আৰক্ষীয়ে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শ্বুটিং স্থলীত কোনো বাহিৰা লোকক প্ৰৱেশ কৰিব দিয়া নাই ৷তথাপিও বলিউদৰ জনপ্ৰিয় নায়িকা গৰাকীক এপলক স্বচক্ষে চাবলৈ চানডুবিৰ আশেপাশে বাহৰ পাতিছে অনুৰাগীসকলে।

Leave A Reply

Your email address will not be published.