অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ।অসমৰ নাট্য শিল্পী কিচমত বানোলৈ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ।যোৱা ২৫ নৱেম্বৰত সংগীত-নাটক একাডেমীয়ে ঘোষণা কৰা অতি মর্যাদাসম্পন্ন ৰাষ্ট্ৰীয় বঁটা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নাট্য শিল্পী কিচমত বানোৱে।ভাৰতীয় থিয়েটাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে অভিনয় ক্ষেত্ৰত কিচমত বানোলৈ ২০২০ বৰ্ষৰ বাবে ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ বঁটা আগবঢ়োৱা হৈছে।কিচমত বানোৱে গুৱাহাটীৰ আগশাৰীৰ নাট্যগোষ্ঠী ছিগাল থিয়েটাৰত অভিনয় দিশত তিনি বছৰ প্রশিক্ষণ গ্রহণ কৰিছিল।ইয়াৰ পাছতে তেওঁ নিয়মীয়া থিয়েটাৰ অনুশীলন আৰু বিশেষভাবে সক্ষম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাস জৰ্জৰিত শিশু আৰু যুৱ প্ৰজন্মৰ বাবে থিয়েটাৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে উইংছ নামেৰে এক থিয়েটাৰ গোষ্ঠী প্রতিষ্ঠা কৰিছিল।তেওঁ ৰচনা কৰা হেলেন, বানো,সপোন,পোহৰ আদি নাট পৰিচালনা কৰাৰ উপৰিও অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।তেওঁৰ দ্বাৰা ৰচিত, অভিনীত কেইবাখনো নাট ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো মঞ্চস্থ হৈ ভূয়ষী প্রশংসা লাভ কৰিছে।২০১৭ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু এনইজেদচিচি ৰ পৰা থিয়েটাৰ ক্ষেত্ৰত যুৱ প্ৰতিভাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল বানোৱে।২০১৯ বৰ্ষত তেওঁ থিয়েটাৰ ক্ষেত্ৰৰ ৰাবে লাভ কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেল’শ্বিপ।তেওঁ ইউনেস্ক’ৰ দ্বাৰা আয়োজিত দ্বিতীয় ঢাকা আন্তর্জাতিক থিয়েটাৰ মহোৎসৱ, কলকাতাৰ নান্দিকাৰ থিয়েটাৰ ফেষ্টিভেল, মুম্বাইৰ কালাঘোঁৰা আৰ্ট ফেষ্টিভেল আৰু দেশৰ বিভিন্ন থিয়েটাৰ ফেষ্টিভেলত নাট্য প্রযোজনা মঞ্চায়ন কৰিবলৈ আমন্ত্ৰিত হৈ আহিছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ