জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্য সম্ৰাজ্ঞী তথা দক্ষিণ কামৰূপৰ সু সন্তান ড° মামণি ৰয়চম গোস্বামীৰ আজি একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মিৰ্জাৰ মামণি ৰয়চম গোস্বামী চক’ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ৬ বজাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মামণি ৰয়ছম গোস্বামী চ’কত এক সমূহীয়া চাফাই অভিযান ৰূপায়ণ কৰা হয়। ১০ বজাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি জিতুল কুমাৰে সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক বেদব্ৰত দাসে। ইয়াৰ পিছত ক্ৰমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ আদি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া ৫ বজাত ২০০০ গছি বন্তি প্ৰজ্জ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত কাৰ্য্যসূচীত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰী, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড° মীৰা ৰাণী কলিতা, পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্য, বিশিষ্ট আবৃতিকাৰ তথা প্ৰাক্তন ছাত্ৰনেতা গোপাল কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধীৰাজ চন্দ্ৰ দাস, দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ উমৈহতীয়া সংগঠন ই.পি.মিডিয়া ফ’ৰামৰ সভাপতি ৰতন কলিতা, সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালীৰ লগতে অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মামণি ৰয়ছম গোস্বামীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, অহা বৰ্ষৰ পৰা মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান কৰিব বুলি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিছে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান