অসমীয়া ছবিজগতলৈ সুখৱৰ। ২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’।১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’ব এই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত ভাৰতীয় কথাছবি প্ৰতিযোগিতা শিতানলৈ নিৰ্বাচিত হৈছে প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত কথাছবি অকমান।উল্লখ্য যে এই কথাছবিখনৰ কাহিনীভাগ অসমৰ এখন ভিতৰুৱা গাওঁৰ ১২ বছৰীয়া ল’ৰা অকমানে বিদ্যালয়ত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত অজানিতে কৰা ভুলৰ বাবে জাতীয় পতাকাখন খোল নোখোৱাত শিক্ষকৰ শাস্তিৰ সন্মুখীন হয়। সেইদিন ধৰি অকমানে এখন জাতীয় পতাকা কিনি উৰুৱাবলৈ নিজৰ মনতে সংকল্প লয়। এদিন অকমানে এখন নতুন পতাকা বিচাৰি পায়। কিন্তু সেইখন জাতীয় পতাকা নাছিল, সেইখন আছিল অকমানৰ পিতৃয়ে এৰি যোৱা পতাকা। অকমান সেই পতাকা খনৰ প্ৰতি আকৃষ্ট হয় আৰু এদিন দুৰ্বিপাকত পৰে। সেই উপলব্ধিক মূল বিষয়বস্তু হিচাপে লৈ পৰিচালক প্ৰাঞ্জল কে শইকীয়াই কথাছবিখন নিৰ্মান কৰিছে।উল্লেখ্য যে পৰিচালক প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত এইখন প্ৰথম কথাছবি। কথাছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিনহা, ভাস্কৰ দত্ত আৰু প্ৰাঞ্জল কে শইকীয়াই। সহ প্ৰযোজনাত আছে দীপাংকৰ জোনাক বৰুৱা।অকমানৰ চৰিত্ৰত ভূপেন গগৈয়ে অভিনয় কৰাৰ লগতে সন্ধ্যা হাজৰিকা, বিশ্বজিৎ সন্দিকৈ, আষ্ট্ৰিয়ানা দিহিঙিয়া, ৰাজু গগৈ, গৌতম গগৈ, সাগৰ গগৈ, জানমণি গগৈ, মধুস্মিতা গগৈ, লেখনী দেৱী, ধৰণী শইকীয়া, ৰঞ্জিৎ শৰ্মা, গিতালী শইকীয়া, লাভলী দিহিঙিয়া আৰু ছায়াশ্ৰী চমুৱাই অভিনয় কৰিছে। দৃশ্যগ্ৰহণ নৱনিত নীলাভ, সম্পাদনা দিগন্ত বৰা, চাউণ্ড ডিজাইন দেৱজিত গায়ন, সংগীত মনদীপ-মনমিত, সাজসজ্জা ৰিজুমণি দেউৰী।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন