গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী হাইস্কুল খেলপথাৰত অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়াকৈ নৱম সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেচন কাপ অনুষ্ঠিত হ’ব। সেই উপলক্ষে ৭ ডিচেম্বৰত ৰাণী হাইস্কুল খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয়। উল্লেখযোগ্য যে দেশৰ প্ৰায় ২১ খন ৰাজ্যৰ থাই বক্সিং খেলুৱৈৰ লগতে প্রশিক্ষক, থাই বক্সিং ফেডাৰেচনৰ শীৰ্ষ বিষয়ববীয়া সকল প্রতিযোগিতাখনত উপস্থিত থাকিব। আনহাতে ৭ ডিচেম্বৰত বহু সংখ্যক ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে প্ৰতিযোগিতাৰ আদৰণি সমিতিৰ সভাপতি ৰবীন দৈমাৰীয়ে আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগন্তুক প্ৰতিযোগিতাখন যাতে সফল ভাবে সম্পন্ন হয় তাৰ কামনা কৰে। আনহাতে অনুষ্ঠানত সমিতিৰ উপদেষ্টা অপূৰ্ব গোস্বামী, কাৰ্যকৰী সভাপতি মনোৰঞ্জন দাস বড়ো, সম্পাদকদ্বয় হিতেশ্বৰ ৰাভা আৰু অভিজিৎ গোস্বামীকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন