গোৱাত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অর্পণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 227

তিনিদিনীয়া ভ্ৰমণসূচীৰে গোৱাত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বহীদ দিৱস’ উপলক্ষে গোৱাৰ পাঞ্জিমত আয়োজিত স্মৃতি তর্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আছাম ছ’ছাইটি অৱ গোৱাৰ সহযোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদীত শ্রদ্ধাঞ্জলি অর্পণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত সর্বানন্দ সোণোৱালে কয়, “অসমৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰামখনত যিসকলে আত্মবলিদান দিলে, সেইসকল চিৰনমস্য সত্তালৈ মোৰ অশ্ৰু-অঞ্জলি যাচিলোঁ। ১৯৭৯ৰপৰা ১৯৮৫ চনলৈ চলা এই ছয়বছৰীয়া গণ আন্দোলনত মহান শ্বহীদ আৰু অগণন সংগ্রামী জনতাই স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে ত্যাগৰ মাজেৰে অতুলনীয় দেশপ্ৰেম আৰু সাহসৰ অবিস্মৰণীয় ইতিহাস লিখি থৈ গৈছে। অসম আন্দোলন অসমৰ খিলঞ্জীয়া জনগণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ এক উজ্জ্বল নিদর্শন। অসমীয়া জাতিক মূৰ তুলি জীয়াই ৰখাৰ স্বাৰ্থত, দেশৰ ভৱিষ্যত আৰু একতা, অখণ্ডতাৰ স্বাৰ্থত অসম আন্দোলনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ ৰ’ব। মৃত্যুঞ্জয়ী শ্বহীদসকলৰ অমৰ ত্যাগে বৃহত্তৰ অসমীয়া জাতিসত্তা আৰু ভাৰতীয় স্বাভিমানক চিৰকাললৈ উজ্জীৱিত আৰু অনুপ্ৰাণিত কৰি থাকিব। সোণোৱালে লগতে কয়, বীৰ শ্বহীদসকলৰ মহৎ আদৰ্শক সাৰোগত কৰি কৰ্মপথাৰত আমি সততা, নিষ্ঠা আৰু দৃঢ়তাৰে কাম কৰি যাব লাগিব। আমি নিজৰ ভাষা-কৃষ্টি, সংস্কৃতি, ঐতিহ্য-পৰম্পৰাক জীয়াই ৰাখিবলৈ জাতীয় দায়িত্ব পালন কৰিব লাগিব। বিশ্বৰ বুকুত ছাত্র আন্দোলনৰ ইতিহাস যদি বিশ্লেষণ কৰা যায়, তেন্তে নিশ্চয়কৈ তাত অসম আন্দোলনৰ যথেষ্ট গুৰুত্ব থাকিব। জাতীয় আৰু ৰাষ্ট্ৰীয় চেতনাৰে উদ্‌বুদ্ধ হৈ দেশমাতৃৰ সেৱাত নিমজ্জিত হৈ এখন শক্তিশালী ভাৰত তথা অসম গঢ় দিয়াত আগভাগ ল’বলৈ অসমবাসীৰ লগতে বিভিন্ন প্ৰান্তৰ অসমৰ লোকসকলক এই পৱিত্ৰ ক্ষণত আন্তৰিকতাৰে আহ্বান জনালোঁ। অনুষ্ঠানত আছাম ছ’চাইটী অৱ গোৱাৰ বিষয়ববীয়া তথা সদস্য- সদস্যাসকল, গোৱা বন্দৰ প্ৰাধিকৰণ আৰু নিউ মাংগালোৰ বন্দৰ প্ৰাধিকৰণৰ বিষয়ববীয়াসকল প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.