অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু মিডিয়া ছুপাৰ কিংছৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত ১০ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হ’ল এক প্ৰীতি ক্ৰিকেট মেচ ৷ মেচখনত মিডিয়া ছুপাৰ কিংছে ১৪ ৰাণত পৰাস্ত কৰে জনসংযোগ বিভাগ (ডি আই পি আৰ) ক ৷ ১৫ অভাৰৰ মেচখনত প্ৰথমে বেট ধৰি মিডিয়া ছুপাৰ কিংছে ৮ টা উইকেটত সংগ্ৰহ কৰে ১২৩ ৰাণ ৷ দলৰ এই ৰাণ সংখ্যাৰ মূলতে আছিল অপেনাৰ কমলেশ বৰ্মনৰ অৰ্ধশতক । তেওঁ ৩৮ টা বলৰ সন্মুখীন হৈ ২ টা ছিক্সাৰ আৰু ৭ টা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰাণ কৰে৷বিশ্বজিৎ ডেকাই ২০ টা বলত ৬ টা বাউণ্ডেৰীৰ সহায়ত কৰে ৩২ ৰাণ৷ পাপ্লু ডেকাই ১৪ আৰু অধিনায়ক বিশ্বজিৎ দাসে অপৰাজিত ৩ ৰাণ কৰে ৷ প্ৰতিপক্ষৰ মজবুল হুছেইনে ৩ অভাৰত ২১ ৰাণ ব্যয় কৰি দখল কৰে ৫ টা উইকেট৷ জনসংযোগ বিভাগৰ জিতুমণি দাসৰ বলত মিডিয়াৰ পাপ্লু ডেকাৰ বেটৰ পৰা অতৰ্কিতে অহা এটা কেটছ অপূৰ্ব দক্ষতাৰে ফিল্ডাৰ পিং কং ৰেজা আজহাৰীয়ে আয়ত্ত কৰি সকলোকে চমকিত কৰে ৷ প্ৰত্যুত্তৰত জনসংযোগ বিভাগে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰে৷দলৰ হৈ ৰাজু কলিতাই ৩৬, জিতুমণি দাসে অপৰাজিত ২৩ আৰু অপেনাৰ সঞ্জয় কাশ্যপে ১৬ ৰাণৰ বৰঙণি যোগায় ৷ দলৰ অধিনায়ক ইফতিখাৰ জামানে ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১ ৰাণ কৰে ৷ বলিঙত মিডিয়াৰ হৈ হিমাংশু অনুপমে ২ টা আৰু নৱজ্যোতি গোহাঁইয়ে ১ টা উইকেট দখল কৰে ৷জনসংযোগ দলৰ ২ জনকৈ বেটাৰ ৰাণ আউট হয় ৷ বিজয়ী দলৰ হৈ অৰ্ধশতক সংগ্ৰহ কৰা কমলেশ বৰ্মনে লাভ কৰে মেন অৱ দা মেচৰ ট্ৰফী৷বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু দৈনিক’গণ অধিকাৰ’কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰ।
Trending
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান