আজি ৰাজ্য জুৰি পালন হ’ল শ্বহীদ দিৱস

0 187

আজি শ্বহীদ দিৱস ।অসমৰ সৰ্ববৃহৎ গণআন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ এই বিশেষ দিনটো ৰাজ্যবাসীয়ে পালন কৰিল শ্বহীদ দিৱস । ১৯৭৯ চনৰ আজি দিনটোতে বৰপেটা যুৱক খৰগেশ্বৰ তালুকদাৰে আত্মবলিদান দিছিল।সেইবাবে শ্বহীদ খগেশ্বৰ তালুকদাৰৰ স্মৃতিত ডিচেম্বৰ মাহৰ১০ তাৰিখে ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস।

সমগ্ৰ ৰাজ্য সমান্তৰালকৈ চৰাইদেউ জিলা সোনাৰীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোনাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। পুৱা সদৌ অসম ছাত্ৰ সন্থা পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই।শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰাই।আনহাতে খৰগেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবি মাল্যাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই। ইফালে অসম গনপৰিষদ দলৰ ধুবুৰী বিধান পৰিষদৰ উদ্যোগত পালন কৰা হয় শ্বহীদ দিৱস।অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰগেশ্বৰ তালুকদাৰ লগতে ৮৫৫ গৰাকী শ্বহীদৰ শ্বহীদবেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অগপ ধুবুৰী জিলাৰ সমিতি কাৰ্যালয়ত।এই অনুষ্ঠানতেই দলীয় কৰ্মকর্তা সকলৰ লগতে আন্দোলনকাৰী চৌকত আলীক সম্বৰ্ধনাও জ্ঞাপন কৰা হয় ।ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱাৰ Assam society উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসত ভাগ লয়।অসম আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ ত্যাগ স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে যিসকল মহান বীৰ-বীৰাংগনাই গণ আন্দোলনত আত্মবলিদান দিলে সেইসকল মহান শ্বহীদক আজি শ্ৰদ্ধাৰে অসমৰ ৰাইজে সোৱঁৰিছে।আমিও Assam society গোৱাত সকলোৱে মিলি বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাব বাবে উপস্থিত হৈছোঁ । আনহাতে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি টেকেৰাবাৰী বৰনগাঁও অঞ্চলৰ পাঁচ গৰাকীকৈ ব্যক্তি অবধ্য বিদেশী হাতত প্ৰাণ আহুতি দিছিল।তাৰে ভিতৰত আছিল অৰুণ বৰাও।সেয়ে প্ৰতিবছৰে শ্বহীদ অৰুণ বৰাৰ বাসগৃহত গাঁৱত সকলোৱে আজি স্মৰণ কৰে।আজি শ্বহীদ দিৱসৰ দিনটোতে অৰুণ বৰাৰ বাসগৃহত নাম কৃতন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰং জিলাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি আন বহুজনে।

Leave A Reply

Your email address will not be published.