শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্বিলং বিদ্যালয়ৰ এলুমণি মীট এছ’চিয়েচনৰ উদ্যোগত ১০ ডিচেম্বৰত বিদ্যালয়ৰ প্রাক্তন শিক্ষাৰ্থী সকলৰ পুনর্মিলন সমাৰোহখন গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ বাণীকান্ত কাকতি সভাগৃহত অনুষ্ঠিত হয়।দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই সমাৰোহত বিদ্যালয়খনৰ বিভিন্ন বৰ্ষৰ প্ৰায় ৯০ জন প্রাক্তন শিক্ষার্থীয়ে অংশগ্রহণ কৰে। আনহাতে এই উপলক্ষে বিজু ফুকনৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে প্ৰতুল ডেকাই।অনুষ্ঠানত ডঃ চন্দন চহৰীয়া , মনিন ৰাজা , ৰাজদ্বীপ বসুমতাৰীকে ধৰি কেবাজনেও এসময়ত অবিভক্ত অসমৰ ৰাজধানী চহৰ শ্বিলঙৰ অসমীয়া লোকসকলৰ মিলনভূমি স্বৰূপ শ্বিলং বিদ্যালয়খনে সকলো জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ মাজত সমন্বয়ৰ ভেটি সুদৃঢ় কৰিছিল বুলি ব্যক্ত কৰে । আনকি কেবাজনো প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ দিনৰ পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে । ইফালে কেবাজনো শিক্ষাৰ্থীয়ে গীত-মাত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । বিয়লি অনুষ্ঠানৰ অন্তত সমূহীয়াভাবে ফটো উঠাৰ লগতে বছৰেকত এবাৰ হলেও মিলিত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন