কৰ্ণাটকত অনুষ্ঠিত পোন্ধৰ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্টছ এণ্ড আর্ট টিচাৰ্ছ আর্ট প্রতিযোগিতা (২০২২)-ত অংশগ্ৰহণ কৰি নগাঁৱৰ ৰিচিতা ভট্টাচাৰ্য্যই কলা ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আর্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ৰিচিতা ভট্টাচাৰ্য্যই সোণৰ পদক লাভ কৰিছে।নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্রাফটত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰি থকা ৰিচিতা নগাৱঁৰ মিছন উচ্চ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰী।উল্লেখযোগ্য যে ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আর্টে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পর্যায়ৰ প্রতিযোগিতা আয়োজন কৰি আহিছে। এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাখনত তামিলনাড়ু, মহাৰাষ্ট্ৰ,গুজৰাট,অসম,নতুন দিল্লী আদিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।নগাঁৱৰ কাৰিকৰী শিক্ষা মহাবিদ্যালয়ৰ সমীপৰ বিশ্বজিৎ ভট্ৰাচাৰ্য আৰু বৈশালী ভট্ৰাচাৰ্যীৰ সন্তান ৰিচিতাই পূৰ্বেও বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি