চাইক্লিং এছ’চিয়েশ্বন অৱ আছামৰ উদ্যোগত, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুবকল্যাণ বিভাগৰ সহযোগত তথা চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাবধানত সোণাপুৰস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্রতিষ্ঠানত বৃহস্পতিবাৰে ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব-জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ সামৰণি পৰে। প্ৰতিযোগিতাত ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে ১৮ টা পদক লাভ কৰি পদক তালিকাত শীৰ্ষ স্থান অধিকাৰ কৰে। ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে ৮টা স্বৰ্ণ, ৩টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, মণিপুৰে ৭টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত দ্বিতীয় স্থান লাভ কৰে। হাৰিয়ানাই ৫টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তলিকাত তৃতীয় স্থান লাভ কৰে। ইফালে, ২টা ব্ৰঞ্জৰ পদক লাভ কৰি আয়োজক অসম তালিকাৰ ষষ্ঠদশ স্থানত থাকে। উল্লেখ্য, ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব-জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত দেশৰ ২৮ টা দলৰ প্ৰায় ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইফালে, প্ৰতিযোগিতাৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত আই পি এছ পাৰ্থ সাৰথী মহন্ত, কমনৱেলথ গেমছত স্বৰ্ণজয়ী ল’নবল খেলুৱৈ নয়নমণি শইকীয়া, চাইক্লিং এছ’চিয়েশ্বন অৱ আসামৰ সভাপতি আৰু সম্পাদক ক্ৰমে আই পি এছ হৰমিত সিং আৰু ড০ তপন দাস, অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া ক্ৰমে ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰণয় বৰদলৈ আৰু বিষ্ণুৰাম নুনিছা।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী