চাইক্লিং এছ’চিয়েশ্বন অৱ আছামৰ উদ্যোগত, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুবকল্যাণ বিভাগৰ সহযোগত তথা চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাবধানত সোণাপুৰস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্রতিষ্ঠানত বৃহস্পতিবাৰে ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব-জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ সামৰণি পৰে। প্ৰতিযোগিতাত ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে ১৮ টা পদক লাভ কৰি পদক তালিকাত শীৰ্ষ স্থান অধিকাৰ কৰে। ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে ৮টা স্বৰ্ণ, ৩টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, মণিপুৰে ৭টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত দ্বিতীয় স্থান লাভ কৰে। হাৰিয়ানাই ৫টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তলিকাত তৃতীয় স্থান লাভ কৰে। ইফালে, ২টা ব্ৰঞ্জৰ পদক লাভ কৰি আয়োজক অসম তালিকাৰ ষষ্ঠদশ স্থানত থাকে। উল্লেখ্য, ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব-জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত দেশৰ ২৮ টা দলৰ প্ৰায় ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইফালে, প্ৰতিযোগিতাৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত আই পি এছ পাৰ্থ সাৰথী মহন্ত, কমনৱেলথ গেমছত স্বৰ্ণজয়ী ল’নবল খেলুৱৈ নয়নমণি শইকীয়া, চাইক্লিং এছ’চিয়েশ্বন অৱ আসামৰ সভাপতি আৰু সম্পাদক ক্ৰমে আই পি এছ হৰমিত সিং আৰু ড০ তপন দাস, অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া ক্ৰমে ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰণয় বৰদলৈ আৰু বিষ্ণুৰাম নুনিছা।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন