অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন- খোৱা উৎসৱ উপলক্ষে ১৪ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ কাষৰীয়া দীপৰ বিলৰ পাৰৰ দেউছটালৰ দীপৰ বিল ইক’ কেম্প চৌহদ। অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক আৰু অগ্ৰণী ক্ৰীড়া অনুষ্ঠান দেউছতাল নৱজ্যোতি সংঘৰ সভাপতি, বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপীৰ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী মিকিৰপাৰা, চকৰদৌ, পামহী আৰু গোগ তালুকৰ সভাপতি, বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী, অধিবক্তা ৰাজীৱ কলিতা, পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতা, আৰক্ষী বিষয়া আনন্দ দাস, দেউছতাল নৱজ্যোতি সংঘৰ কৰ্মকর্তা সকলোকে ধৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে। আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত কেবাজনো বক্তাই ভাষণ প্রসংগত পুৰণি দিনৰ ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে। ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পৰা নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী অসীম ৰঞ্জন, পাপৰি শইকীয়া, দ্বীপজ্যোতি নাথ, সঞ্জনা পাল, সাগৰকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত কৌতুক পৰিবেশন কৰি উপস্থিত তিনি শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন- খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি