গোলাঘাট জিলাৰ তেলগৰম ৰঙ্গমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা প্ৰদান কৰে প্ৰবীণ কণ্ঠশিল্পী ড°অনিমা চৌধুৰীক।শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাৰ লেখিকা সমাৰোহ সমিতিৰ পাঁচ শতাধিক প্ৰতিনিধি তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সমিতিৰ ২০২২ বৰ্ষৰ ৰাজ্যিক বঁটা বৰেণ্য শিল্পী ড° অনিমা চৌধুৰীক প্ৰদান কৰা হয় ।তেলগৰম জাগৃতি লেখিকা সমাৰোহ সমিতিৰ সহযোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আগবঢ়োৱা এই বঁটাত আছে অংগবস্ত্ৰ,গামোচা,চেলেং,জাপি, স্মাৰক,শৰাই আৰু নগদ ধনৰ টোপোলা। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুবৰ্ণ শইকীয়া বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° চাৰু চহৰীয়া নাথ, স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যোৰহাটৰ প্ৰাক্তন অধ্যক্ষ বিনীতা দত্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড° জ্যোতিৰেখা শইকীয়াৰ লগতে বহুকেইগৰাকী শিল্পী, সাহিত্যিক,সাধাৰণ ৰাইজ উপস্থিত থাকে৷
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন