দেশৰ ৰাজধানী নতুন দিল্লীত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্র-ছাত্রী, বাসিন্দা সকলক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়োৱা হেল্পিং হেণ্ড’ নামৰ অনা চৰকাৰী সংস্থাটোৰ এটা কাৰ্যালয় ১৮ ডিচেম্বৰত গুৱাহাটীৰ হাতীগাঁৱত মুকলি কৰা হৈছে। হেল্পিং হেণ্ড’ৰ অধ্যক্ষ তথা দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবীন হিবুরে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। গুৱাহাটীত ‘হেল্পিং হেণ্ড’-এ ‘ৰেইন ড্রপছ ইনিচিয়েটিভ’ আৰু ‘নূৰ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটি’ৰ সহযোগত কাম-কাজ আগবঢ়াব। আনহাতে কার্যালয়টো উদ্বোধন কৰি ৰবীন হিবুৱে কয় – অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰলৈ শিক্ষা আৰু নিয়োগৰ বাবে প্ৰব্ৰজন বৃদ্ধি পাইছে। এনে পৰিস্থিতিত অসম, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে যাতে এই চহৰসমূহত কোনো বিপদৰ সন্মুখীন নহয় তথা তেওঁলোকে তাৎক্ষণিকভাৱে বিপদত সহায় লাভ কৰে, সেই উদ্দেশ্যৰে হেল্পিং হেণ্ডে কাম কৰি আহিছে। এতিয়াৰে পৰা গুৱাহাটীতো হেল্পিং হেণ্ডে ৰেইন ড্ৰপছ আৰু নূৰ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটিৰ বেনাৰত কাম-কাজ আগবঢ়াব। দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্তগৰাকীয়ে ইতিপূর্বে ঘোষণা কৰিছিল যে হেল্পিং হেণ্ডৰ কাম-কাজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আৰম্ভ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।অনুষ্ঠানত কেবাজনো বিশিষ্ট লোক,দিল্লী নিবাসী কেবাজনো অসমীয়া উপস্থিত আছিল।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা