চহলা-ছ’গুৰিৰ কৃষকসকলে কৃষি বিভাগৰ সহযোগত কৰা সৰিয়হৰ খেতি পৰিদৰ্শন কৃষি মন্ত্ৰী অতুল বৰাৰ

0 376

অসম চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই বোকাখাতৰ চহলা-ছ’গুৰিৰ কৃষকসকলে কৃষি বিভাগৰ সহযোগত ৫০০০ বিঘাৰো অধিক ভূমিত কৰা সৰিয়হৰ খেতিডৰা পৰিদৰ্শন কৰে। লগতে ১০০০ বিঘা ভূমিত কৰা ৰঙালাউ আৰু ৫০০ বিঘা ভূমিত কৰা আলুৰ খেতিডৰা পৰিদৰ্শন কৰি কৃষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাত মন্ত্ৰীজনে যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰাৰ লগতে সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰতিজন কৃষকৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাই তোলাৰ লক্ষ্যৰে অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা সদায়ে অব্যাহত থাকিব বুলি মন্ত্ৰীজনে আশ্বাস দিয়ে।

Leave A Reply

Your email address will not be published.