আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই ২০২৩ বৰ্ষৰ ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে সম্পত্তি এক্সপ’ৰ (Property Expo)আয়োজন কৰিছে। গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপসৰাত এই এক্সপ’ৰ আয়োজন কৰা হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই। এই এক্সপ’ৰ যোগেদি এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট, আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপে প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ’ব পাৰিব। এই এক্সপ’ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব। তদুপৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুৰক্ষিত দিশ সম্পৰ্কে অৱগত হ’ব পাৰিব। আনকি এই এক্সপ’তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আনহাতে ক্ৰেতা-বিক্ৰেতাই ইয়াৰ যোগেদি ব্যৱসায়ৰ এখন মঞ্চ লাভ কৰিব। বিশেষকৈ এই ক্ষেত্রৰ ডিলাৰ আৰু খুচুৰা ক্ৰেতাসকলৰ মাজত ব্যৱসায়ৰ এক মঞ্চ হ’ব। ইফালে এই এক্সপ’ৰ যোগেদি বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা থাকিব। সেয়েহে আমি সকলোকে এক্সপ’লৈ আহি ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো বুলি শৰ্মাই কয়। সংবাদমেলত এৰিডাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন