অসম বিধানসভাৰ স্থানীয় পুঁজিৰ হিচাপ পৰীক্ষণ সমিতিৰ অধ্যক্ষ ‘মৰান সমষ্টিৰ বিধায়ক চক্রধৰ গগৈ, সদস্য সকল ক্রমে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্ম্মা, হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হেছেইন লঙ্কৰ, জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাৰ উদ্দিন মোল্লাহ আৰু গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল কালাম ৰচিদ আলমে লখিমপুৰ জিলাৰ জিলা পৰিষদৰ অধীনত বিভিন্ন খণ্ড উন্নয়ন বিভাগে ৰূপায়ন কৰি থকা কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহ খণ্ড উন্নয়ন এলেকাসমূহত গৈ পৰিদর্শন কৰে ৷ ইয়াৰ পিছত তেখেত সকলে দুখন পর্য্যালোচনা সভাত অংশগ্রহণ কৰে। লখিমপুৰ আবৰ্ত ভৱনৰ সভাকক্ষত হোৱা প্রথম খন পর্য্যালোচনা সভাত জিলা পৰিষদৰ সভাপতি আৰু সদস্য সকলৰ লগত অংশগ্রহণ কৰে । দ্বিতীয় খন পর্য্যালোচনা সভা জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱাই আঁতধৰা সভা খনিত, জিলা উপাযুক্ত সুমিত সত্তাৱন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্রিপুৰেন্দ্র পাটৰ, লখিমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, ঢকুৱাখনা পৌৰসভাৰ কার্যাবাহী বিষয়া সকল, জিলা খণ্ড উন্নয়ন বিষয়া সকল, নগৰ উন্নয়ণ প্ৰাধিকৰণৰ বিষয়া আৰু জিলা পৰিষদৰ বিষয়া আৰু বিভিন্ন অভিযন্তা সকলে অংশগ্রহণ কৰে । সভাত সমিতিখনৰ অধ্যক্ষ চক্ৰধৰ গগৈয়ে উপস্থিত থকা সকলো বিষয়াক গাওঁ অঞ্চলা উন্নয়ন সাধন কৰাৰ ক্ষেত্রত অধিক গুৰুত্ব দিবলৈ আহবান জনায়। তেওঁ কয় যে গাঁৱৰ উন্নয়ণ হ’লেহে এখন ৰাজ্যই উন্নতিৰ পথত আগুৱাব পাৰিব । জিলা পৰিষদে আঞ্চলিক পৰিষদৰ লগত সমন্বয় বজাই ৰাখিবলৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক তেখেতে আহ্বান জনায়৷ তেওঁ কয় যে, জিলাখনত বহুখিনি আচঁনিত কাম ফলপ্রসূভাবে ৰুপায়িত হৈছে যদিও কিছু সংখ্যক কাম সঠিক ভাবে এতিয়াও ৰূপায়িত হোৱা নাই৷ সেই বাবে জিলা উপায়ুক্তক সেইবোৰ নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। জনসাধাৰণ যাতে চৰকাৰী আঁচনি সমূহতৰ পৰা উপকৃত হ’ব পাৰে তাৰ বাবে সঠিক ভাবে বিষয়া সকলক চৰকাৰী আঁচনি সমূহ খৰতকীয়াকৈ সম্পূর্ণ কৰিবলৈ তেখেতে নির্দেশ দিয়ে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন