বিগত কেইদিনত সমগ্র ৰাজ্যজুৰি শীতপ্ৰবাহৰ লগত নামি আহিছে ডাঠ কুঁৱলী । বিশেষকৈ বিগত কেইদিনত ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজপথত নিশাৰ ভাগত কেবাটাও সৰু – বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । যত ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱা বাবে চালকে ৰাজপথত সন্মুখত কি আছে তাক মনিব নোৱাৰা বাবে বাহন দুৰ্ঘটনাত পতিত হৈ কেবাজনো লোকে কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন বহুজন আহত হৈ চিকিৎসাধীন হবলগা হৈছে । যাৰ বাবে কুঁৱলী কেন্দ্ৰীক দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ সাজু হোৱাৰ লগতে সজাগতা অভিযান আৰম্ভ কৰিছে । এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) গৌতম দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগেও আগন্তক দিনত নিশাৰ ভাগত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কেবাদিনলৈ ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি সতৰ্কতা জাৰি কৰিছে । আনকি পাহাৰীয়া স্থান , নৈপৰীয়া অঞ্চল , জলাশয় আৰু মুকলি পথাৰৰ মাজেৰে যোৱা বাট পথ সমূহ সন্ধিয়াৰ পাছত যথেষ্ট কুঁৱলী পৰিব বুলি বতৰ বিজ্ঞান বিভাগে আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে । যাৰ বাবে নিশাৰ ভাগত ৰাজপথত বাহন চলাওতে অত্যন্ত সতৰ্কতাৰে বাহন চলাবলৈ আৰু বিশেষ জৰুৰী নহলে নিশা ১০ বজাৰ পৰা পাছদিনা ৰাতিপুৱালৈ বাহন নচলাবলৈ চালকক আহ্বান জনাইছে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে । গৌতম দাসে সদৰি কৰা অনুসৰি যদি এই সময়ছোৱাত নিশাৰ ভাগত জৰুৰী কাৰণত বাহন চলাব লাগে তেন্তে সন্মুখত ফগ লাইট জ্বলাই অতি সীমিত গতিবেগতহে বাহন চলাব লাগে । আকৌ যদি বাহনখন ৰখাব লাগে তেন্তে পথৰ দাঁতিত সুৰক্ষিত স্থানত প্ৰধান পথত বাধা নোহোৱাকৈ পাৰ্কিং লাইট জ্বলাইহে ৰাখিব লাগে । আকৌ কুঁৱলী দি থকা অৱস্থাত লাহে লাহে বাহন চলালেও মাজে মাজে সন্মুখৰ আইনাৰ উইপাৰ ব্যৱহাৰ কৰি থাকিব লাগে যাতে আইনাখন পৰিস্কাৰ হৈ থাকে । ইতিমধ্যে বিগত দিনকেইটাত অসমতো বাদেই দেশৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত সংঘটিত কুঁৱলী কেন্দ্ৰীক দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে । আনকি বতৰ বিজ্ঞান বিভাগে আগন্তক কেবাদিনলৈ নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাঠ বা ঘন কুঁৱলী পৰিব বুলি সতৰ্কতা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলোৱে নিশা ৰাজপথত বাহন চলোৱাৰ ক্ষেত্ৰত আৰু “পথ সুৰক্ষা আৰু জীৱন ৰক্ষা”ৰ স্বাৰ্থত চালক সকলে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰিছে ।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান