বিদ্যালয়ৰ সংৰ্বাগীন উন্নতি আৰু শিক্ষাৰ্থীসকলক পাঠদান কৰাৰ সময়ত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ সহায়ক হ’ব পৰাকৈ লেখক ভুপেন কুমাৰ দাসে প্ৰস্তুত কৰি উলিয়াইছে আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব। আমাৰ বিদ্যালয় আমাৰ দায়িত্ব শীৰ্ষক গ্ৰন্থখন আজি পলাশবাৰীৰ সৰপাৰাস্থিত ডায়েট, মিৰ্জাত এক গাম্ভিৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে শুভ-উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই। উন্মোচন কৰি শৰ্মাই অতীতৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা আৰু বৰ্তমানৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত বহুত পাৰ্থক্য অহা বুলি কয়। বৰ্তমান সময়ত চৰকাৰী শিক্ষাৰ কৰবাত নহয় কৰবাৰ সমস্যাৰ এটাৰ সৃষ্টি হৈছে। যিটো সমস্যা চৰকাৰৰ সদিচ্ছা তথা আমি সকলোৱে মষিমূৰ কৰিব লাগিব। শিক্ষক এজনে শিক্ষাৰ্থীসকলক মানুহ হিচাপে গঢ় দিব পাৰে। এই গ্ৰন্থখনৰ জৰিয়তে নিশ্চয়কৈ বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰসকলক উপকাৰ কৰিব। পৃথিৱীত সকলো বস্তু এটা সময়ত নাইকিয়া হৈ যাব, কিন্তু মনৰ চিন্তাৰে ভাল কাম বা ভাল গ্ৰন্থ লিখি উলিয়ালে কেতিয়াও নাইকিয়া হৈ নায়ায। ই সদায় চিৰস্মৰণীয় হৈ থাকিব বুলি তত্বগধুৰ ভাষণ প্ৰদান কৰি লেখক দাসৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত ডায়েট, কামৰূপ মিৰ্জাৰ অধ্যক্ষা ড০ পংকিজা বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত ডায়েট দৰঙৰ অৱসৰী অধ্যক্ষ মমতাজ আলী আহমেদ, সদৌ ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামী, সদৌ অসম মাধ্যমিক শিক্ষক আৰু কমচাৰী সন্থাৰ উপদেষ্টা যতীন দাসে উপস্থিত থাকি ‘আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব’ শীৰ্ষক গ্ৰন্থখনৰ ওপৰিও শিক্ষাৰ লগত জড়িত বিভিন্ন দিশ আলোকপাত কৰি লেখক দাসৰ প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে। সভাত ডায়েটৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলে এটি সমবেত সংগীত পৰিবেশন কৰি সভাৰ আৰম্ভণী কৰে। ‘আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব’ শীৰ্ষক গ্ৰন্থখনৰ লেখক ভুপেন কুমাৰে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি কয় যে, ক’ভিডৰ বন্ধৰ সময়ছোৱাত কিবা এটা কৰাৰ মনত ভাবি এই গ্ৰন্থখন লিখি উলিওৱা বুলি কোৱাৰ লগতে গ্ৰন্থখন পঢ়ি নিশ্চয়কৈ সকলোৱে উপকৃত হব বুলি আশা প্ৰকাশ কৰে। লগতে এই গ্ৰন্থখনে শিক্ষা ক্ষেত্ৰখনত ধনাত্মক প্ৰভাৱ পেলালে সুখী হব বুলি লেখক দাসে কয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ