শোণিতপুৰ জিলাৰ জামুগুৰিহাটত হেপাহৰ ভোগালী বিহুক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি । ভোগালী বিহু উপলক্ষে জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাঠবাৰী ব্যৱসায় কেন্দ্ৰত পিতৃ ৰোষ বৰা আৰু পুত্ৰ হৃদয় কমল বৰাৰ সহযোগত অসমীয়া জাতীয় জীৱনৰ থলুৱা জলপানৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । উক্ত বিপনীখনত ভোগালী বিহুৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰমে গুৰ, চিৰা, কোমল চাউল, ভজা চাউল, বৰা চাউল, জহা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা বিধ পিঠা-পনা, দৈ-ক্ৰিম আদি সকলো উপলব্ধ।এতিয়া ভোগালীৰ সামগ্ৰী কিনিবৰ বাবে যথেষ্ট লোকৰ সমাগম হোৱা দেখা গৈছে। কোনো গ্ৰাহকে ভোগালীৰ সামগ্ৰীৰ বাবে ফোনযোগে অৰ্ডাৰ কৰে তেন্তে হম ডেলিভাৰীৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ’ব বুলি বিপনীখনৰ স্বত্বাধিকাৰ ৰোষ বৰাই জানিবলৈ দিয়ে।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ