মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত ৭ জানুৱাৰীত শিক্ষয়িত্ৰী তথা পলাশবাৰীৰ বৰিহাট নিবাসী নিভা দাসৰ আঁক-বাক প্ৰকাশনৰ বিপনীত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এখন অনূদিত আত্মকথা গ্ৰন্থ আমাৰ পৰিয়ালটো। বঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰে ফটো সাংবাদিক, লেখক মনোজ কুমাৰ ডেকা, শিক্ষক তথা নাট্যকৰ্মী বলেন চৌধুৰী, লেখিকা প্ৰীতি হাজৰিকা আৰু দিপালি চেতিয়াই। গ্ৰন্থ আমাৰ পৰিয়ালটো সমাজতান্ত্ৰিক চীনৰ থাও ছেঙ নামৰ এগৰাকী শিক্ষা দীক্ষাহীন সাধাৰণ মহিলাৰ সংগ্ৰামী জীৱনৰ জীৱন্ত দলিল। থাও ছেঙ আৰু তেওঁৰ স্বামী, সন্তানৰ ত্যাগৰ শিহৰশকাৰী বৰ্ণনাই যুগে যুগে, দেশে দেশে এচাম লোকৰ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিছে। এগৰাকী নাৰীয়ে কেৱল ঘৰ-সংসাৰ, সন্তানৰ দায়িত্বই পালন নকৰে, দেশৰ প্ৰতি আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰিব পাৰে, ত্যাগ স্বীকাৰ কৰিব পাৰে থাও ছেঙ তাৰেই উদাহৰণ। অসমীয়া ভাষালৈ অনুদিত গ্ৰন্থৰ জগতত আমাৰ পৰিয়ালটো এক উল্লেখযোগ্য নৱতম সংযোজন ৰূপে চিহ্নিত হোৱাৰ লগতে গ্ৰন্থখন পাঠক ৰাইজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষয়িত্ৰী নিভা দাসে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী