কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত যোৱা প্ৰায় এমাহ ধৰি বৃক্কৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বৰ্তমানে সত্ৰাধিকাৰজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও বিপদমুক্ত নহয় বুলি চিকিৎসকে জানিবলৈ দিয়ে।জানিব পৰা মতে দুদিনৰ অন্তৰে অন্তৰে বৃক্ক সংশোধনৰ জৰিয়তে সত্ৰাধিকাৰগৰাকীক চিকিৎসা চলাই থকা হৈছে।সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ বাবে ব্যয় হোৱা ধনৰাশি অসম চৰকাৰক বহন কৰিবলৈ মধুপুৰ সত্ৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল। সত্ৰ সমিতিৰ এই অনুৰোধত প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ১৫ লাখ ৯৬ হাজাৰ ২০৩ টকা সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ বাবে অনুমোদন জনাইছে।ধুবুৰী জিলাৰ জিলা উন্নয়ন আয়ুক্তই যোৱা ২৮ ডিচেম্বৰ তাৰিখে সত্ৰ সমিতি লৈ প্ৰেৰণ কৰা এখন পত্ৰৰ পৰা এই তথ্য জানিব পৰা গৈছে।মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী,সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সত্ৰ সমিতিয়ে মধুপুৰ সত্ৰৰ আধৰুৱা হৈ থকা উন্নয়নমূলক আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ দিশ ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।উল্লেখযোগ্য যে যোৱা ২৯ মে’ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সত্ৰ সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি