কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত যোৱা প্ৰায় এমাহ ধৰি বৃক্কৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বৰ্তমানে সত্ৰাধিকাৰজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও বিপদমুক্ত নহয় বুলি চিকিৎসকে জানিবলৈ দিয়ে।জানিব পৰা মতে দুদিনৰ অন্তৰে অন্তৰে বৃক্ক সংশোধনৰ জৰিয়তে সত্ৰাধিকাৰগৰাকীক চিকিৎসা চলাই থকা হৈছে।সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ বাবে ব্যয় হোৱা ধনৰাশি অসম চৰকাৰক বহন কৰিবলৈ মধুপুৰ সত্ৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল। সত্ৰ সমিতিৰ এই অনুৰোধত প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ১৫ লাখ ৯৬ হাজাৰ ২০৩ টকা সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ বাবে অনুমোদন জনাইছে।ধুবুৰী জিলাৰ জিলা উন্নয়ন আয়ুক্তই যোৱা ২৮ ডিচেম্বৰ তাৰিখে সত্ৰ সমিতি লৈ প্ৰেৰণ কৰা এখন পত্ৰৰ পৰা এই তথ্য জানিব পৰা গৈছে।মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী,সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সত্ৰ সমিতিয়ে মধুপুৰ সত্ৰৰ আধৰুৱা হৈ থকা উন্নয়নমূলক আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ দিশ ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।উল্লেখযোগ্য যে যোৱা ২৯ মে’ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সত্ৰ সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সত্ৰাধিকাৰগৰাকীৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন