পথ-সুৰক্ষা সপ্তাহৰ আজি অন্তিম দিনা ৰাতিপুৱাৰে পৰা চাইকেল, বাইক আৰু কাৰ ৰেলী উলিওৱাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ, তথ্যচিত্ৰ প্ৰদৰ্শন আদিৰে কাৰ্যসূচীৰ অন্ত পৰে ৷ এই উপলক্ষে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত বিয়লি ১বজাত এখনি বঁটা বিতৰণী আৰু সামৰণি সভা অনুষ্ঠিত হয় ৷ সহকাৰী প্ৰৱৰ্তক বিষয়া হিমাশ্ৰী দাসৰ বৰগীতেৰে আৰম্ভ হোৱা আৰু পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলা উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই সমাজৰ সকলো শ্ৰেণীৰ লোককে ব্যাপক সহযোগিতা আগবঢ়াই পথ-সুৰক্ষা অভিযানক জনজাগৰণ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। বিগত ৩১ডিচেম্বৰ, পহিলা জানুৱাৰী আৰু মাঘ বিহুৰ আনন্দ উপভোগৰ মাজতো জিলাখনৰ প্ৰায় সকলো শ্ৰেণীৰ লোকে পথ-সুৰক্ষাৰ নীতি-নিয়ম মানি চলা বাবেই এজনো লোক পথ-দুৰ্ঘটনাত মৃত্যুৰ সন্মুখীন হ’বলগীয়া নহয় বুলি উল্লেখ কৰি এইক্ষেত সৰ্বসাধাৰণে জনোৱা সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বিগত সময়ত কেইবাখনো জিলাত উপায়ুক্ত হিচাপে কাম কৰাৰ অভিজ্ঞতাতকৈ কামৰূপ মহানগৰ জিলাত কাম কৰা মধুৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ইয়াত সকলো পৰিবহণ বিষয়া আৰু এনফৰ্চমেন্ট বাহিনী ৰাষ্টাত থাকি মানুহক সঠিকভাৱে ৰাষ্টাৰ সেৱা আগবঢ়োৱা কাৰ্যক সমজুৱাকৈ প্ৰশংসা কৰে । সেয়ে পৰিবহণ বিভাগে পথ-সুৰক্ষা সজাগতাৰ বাবে আগবঢ়োৱা সেৱাৰ মনোভাৱক জনজাগৰণৰ ৰূপ দিবলৈ তেওঁ সকলোকে আহ্বান জনায়। যানবাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন সভাত উপস্থিত থাকি পথচাৰীকে ধৰি চালক, মালিক, অট’মোবাইল খণ্ড সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টাত পথ-দুৰ্ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে তাহানিৰ যুদ্ধ-বিগ্ৰহতকৈয়ো সাম্প্ৰতিক পথ-দুৰ্ঘটনাত মৃত্যুৰ সংখ্যাই ভয়ংকৰ ৰূপধাৰণ কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি বিজ্ঞানৰ নিতে নতুন যানবাহন আৱিস্কাৰৰ আশীৰ্বাদক কোনোৱে যাতে অভিশাপত পৰিণত নকৰে তাৰ বাবে সকলোকে যানবাহন চালনাৰ নীতিনিয়ম মানি চলিবলৈ আহ্বান জনায়। আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে সভাৰ উদেশ্য ব্যাখ্যা কৰি পথ সুৰক্ষা সপ্তাহৰ সজাগতাৰ কাৰ্যসূচীক গোটেই বছৰটোৰ বাবে এক সংকল্প হিচাপে লৈ নিজৰ লগতে আনকো সুৰক্ষিত হৈ থকাত সহযোগ কৰিবলৈ কয় ৷ উল্লেখ্য যে পথ-সুৰক্ষা সপ্তাহৰ আজি সামৰণিৰ দিনা ৰাতিপুৱাৰ ভাগতে চুপাৰ মাৰ্কেটস্থিত ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ পৰা দীঘলী পুখুৰীলৈকে এক চাইকেল ৰেলী আৰু বেটকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা বশিষ্ঠ, বেলতলা, খানাপাৰা হৈ পুণৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ বাইক আৰু কাৰ ৰেলী উলিয়াই সমগ্ৰ গুৱাহাটী মহানগৰীতে পথ-সুৰক্ষাৰ ব্যাপক সজাগতা সৃষ্টি কৰা হয় ৷ ইফালে চন্দ্ৰ শেখৰ দাসৰ পৰিচালনাত পথ সুৰক্ষা বিষয়ক তথ্যচিত্ৰ আৰু বাটৰ নাট পৰিবেশন কৰি নেডফিমচৰ শিল্পীসকলে পথ-সুৰক্ষাত কতো অকণো সুৰুঙা নথকাকৈ সজাগতা সৃষ্টিত যৎপৰোনাস্তি প্ৰচেষ্টা চলায়।
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop