বিশ্ব বেংকৰ ঋণেৰে ৰাজ্যত পুনৰ ১০খন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ প্ৰস্তুতি

0 222

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত নতুনকৈ ১০খন আতকধুনীয়া চিকিৎসালয় স্থাপন কৰা হ’ব। তাৰ বাবে ধাৰ্য কৰা হৈছে ২৫৩০ কোটি টকা। ইয়াৰ উপৰি ৰাজ্যৰ ২৫ খন চিকিৎসালয়ৰ আন্তঃগাঠনি উন্নত কৰা হ’ব। বিশেষকৈ গ্ৰামাঞ্চলৰ ২৫ খন চিকিৎসালয়ৰ মেৰামতিৰ কাম কৰা হ’ব৷ লগতে নির্মিয়মান অৱস্থাত থকা ৭ খন কর্কট হাস্পতালৰ বাবে আজিৰ কেবিনেটে ১৫০ কোটি টকা মুকলি কৰে।

আনহাতে, চাইন্স এণ্ড টেকনল’জী এণ্ড ক্লাইমেট চেইঞ্জ বিভাগৰ অধীনত অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ চাকৰি অন্যান্য সা-সুবিধাৰ সৈতে ৬০ বছৰ বয়সলৈ কৰাৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায়।

ঠিক তেনেদৰে, সংশোধিত ইণ্ডাষ্ট্রী এণ্ড ইনভেষ্টমেণ্ট পলিচী ২০২৩ত আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই পলিচীৰ অধীনত অসমত ১০০ কোটি টকা বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ পৰা কাষ্টম মেড পলিচি লাভ কৰিব পাৰিব। ইয়াৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে।

ইফালে আজিৰ কেবিনেটে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা পদক্ষেপৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। লগতে আৰক্ষীক এই অভিযান অব্যাহত ৰাখিবৰ বাবে নিৰ্দেশ দিয়ে ।

আনহাতে, বাল্যবিবাহৰ ভুক্তভোগী ছোৱালীসকলক পুনৰ সংস্থাপন দিবৰ বাবে কেবিনেটে এখন তিনিজনীয়া কেবিনেট কমিটী গঠন কৰে। মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু অজন্তা নেওগৰ দ্বাৰা গঠিত কমিটীখনে সমগ্র বিষয়টো অধ্যয়ন কৰি সমাধানসূত্ৰ উলিয়াই চৰকাৰক প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব৷

Leave A Reply

Your email address will not be published.