অসম সাহিত্য সভাত থুপ খাই আছে অসমৰ ভাষা, সংস্কৃতি তথা সাহিত্যৰ ১০০ বছৰীয়া সোণালী ইতিহাস। জাতি-ধৰ্ম নিৰ্বিশেষে ১৯১৭ চনতে গঢ়ি উঠা অসম সাহিত্য সভা অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান। ভাষাক সমৃদ্ধি তথা ৰক্ষা কৰিবলৈ হ’লে আমি প্ৰাচীন যুগৰ শিক্ষা পৰম্পৰাৰ প্ৰতি আমাৰ নৱ প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব। মাতৃ ভাষা হেৰাই গ’লে পৃথিৱীৰ পৰা মা শব্দটোও হেৰাই যাব। পলাশবাৰীৰ উপৰহালীস্থিত স্বৰ্গীয় হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত আজি উপৰহালী প্ৰগতি সাহিত্য সভাৰ ৪৬ তম্ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে। লগতে তেখেতে কয় যে অসমীয়া ভাষা কোৱা বা লিখা তথা জ্ঞান আহৰণৰ পৰা কেতিয়াও বঞ্চিত হ’ব নালাগিব। আমাৰ মাতৃভাষাই আমাৰ শিপাৰ সৈতে অবিচ্ছিন্ন কৰি ৰাখিছে। যি সাহিত্য বিষয় বস্তুত জ্ঞান আৰু সমাজ জীৱনৰ উৎকৰ্ষ সাধনৰ বাৰ্তা নাথাকে সেই সাহিত্যক সুষম সাহিত্য বুলি ক’ব নোৱাৰি বুলি উপ-সভাপতি মৃনালিনী দেৱীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উপৰহালী প্ৰগতি সাহিত্য সভাৰ সভাপতি ড° শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে। ইয়াৰ পিছতে আদৰণী ভাষণ পাঠ কৰে সমাজকৰ্মী নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। অনুষ্ঠানত উপৰহালীৰ বেণ্ডপাৰ্টি শিল্পী সত্যবান তালুকদাৰ, বাঁহীবাদক ধীৰেণ ঠাকুৰীয়া, জ্যোতিষী কুশল চন্দ্ৰ শৰ্মা, বিশেষ দাতা ৰাজীৱ তালুকদাৰ, চৈতালী নামৰ পাঠক হৰেণ দাস, ঘোষানামৰ পাঠক কালিকান্ত ঠাকুৰীয়া আৰু দখলাৰ শিল্পী হৰেন দাসক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই। সভাত উপৰহালী প্ৰগতি সাহিত্য সভাৰ ৪৬ তম্ অধিবেশনৰ মুখপত্ৰ ‘প্ৰভাতী’ উন্মোচন কৰে সাহিত্যিক তথা অ-বিভক্ত কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেণ শৰ্মাই। সভাত উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ তালুকদাৰ, কামৰূপ জিলা নৱ-নিৰ্বাচিত সভাপতি নৃপেন কুমাৰ তালুকদাৰ, কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক যোগেশ কুমাৰ কলিতা, উপৰহালী প্ৰগতি সাহিত্য সভাৰ উপ-সভাপতি ফণীধৰ তালুকদাৰৰ উপৰিও বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত সাংসদ ভূৱনেশ্বৰ কলিতা উপস্থিত থাকি কয় যে আমাৰ সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত এটি সাহিত্যৰ অনুষ্ঠান থাকে। ক’ভিড মহামাৰীৰ সময়ছোৱাত দুটা বছৰ অভিশাপ হৈছে যদিও এটা দিশত একাংশ জনসাধাৰণে শস্য উৎপাদন কৰিলে আৰু আন একাংশই লিখা মেলাত মনোনিবেশ কৰিছে। সেই সময়ছোৱাৰ পিছতে বিভিন্ন লেখক লেখিকাৰ বিভিন্ন গ্ৰন্থ, কাব্যপুথি প্ৰকাশ কৰা দেখা গৈছে। ইয়াৰ জৰিয়তে ভাষাক চহকী কৰাৰ উপৰিও সমাজখনকো চহকী কৰিছে বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত দক্ষিণ কামৰূপ জিলাৰ অসমীয়া বিভাগৰ অধ্যাপিকা যমুনা মালীৰ ‘দক্ষিণ কামৰূপৰ বিবাহ গীত আৰু ইয়াৰ বিচাৰ বিশ্লেষণ’, ফণীধৰ তালুকদাৰ গল্প পুথি ‘এক বিষন্ন সন্ধিয়া’, যোগেন্দ্ৰ কুমাৰৰ গ্ৰন্থ ‘বহুৰঙী পুষ্পমালা’, যোগেশ কুমাৰ কলিতাৰ কাব্যপুথি ‘গুৰু দৰ্শন’ আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে। সভাৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলৰদ্বাৰা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন কৰা হয়। বাতৰি যুগুতালে জিতুমনি দাসে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি