ভাৰতবৰ্ষৰ পূৱ প্ৰান্তৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চল জৈৱিক কৃষি পদ্ধতিত সমগ্ৰ ভাৰতৰ ভিতৰতেই এতিয়াও চহকী। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত দেশৰ অইন প্ৰান্তৰ তুলনাত ৰাসায়নিক সাৰৰ ব্যৱহাৰ তুলনামূলক এতিয়াও যথেষ্ট কম।বহু ক্ষেত্ৰতেই ৰাসায়নিক সাৰৰ তুলনাত জৈবিক কৃষি পদ্ধতিকেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে অগ্ৰাধিকাৰ দি আহিছে।এই মন্তব্য বৰপেটা জিলাৰ খণ্ড উন্নয়ন কৃষি বিষয়া পৰীক্ষিত বায়নৰ।বিষয়া গৰাকীয়ে আজি সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ উদ্যোগত মহাবিদ্যালয়খনৰ চেমিনাৰ হলত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসৰ সঞ্চালনাত আৰু অৰ্থনীতি বিভাগৰ ছাত্ৰী কৃষ্ণা দাসে আঁত ধৰা জৈবিক কৃষিকাৰ্যৰ ওপৰত আয়োজিত এক আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে ভাগ লৈছিল। কৃষি বিষয়া গৰাকীয়ে হাৰিয়ানা-পাঞ্জাব আদি ৰাজ্যসমূহ বৈজ্ঞানিক পদ্ধতিৰে অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ জৰিয়তে শস্য উৎপাদনত চহকী হ’লেও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলে বিভিন্ন কাৰণত এতিয়াও ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আগ্ৰহী নোহোৱাটো লক্ষ্য কৰা গৈছে আৰু এয়া শুভলক্ষণ বুলিও তেওঁ মন্তব্য কৰে।তেওঁৰ মন্তব্য–ভাৰতবৰ্ষ এতিয়াও সম্পূৰ্ণ কৃষিনিৰ্ভৰশীল।কৃষিৰ বিকল্প বিচৰাত এতিয়াও আমাৰ অসুবিধা আছে।আমাৰ পৰম্পৰাগত আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ মাজত সামঞ্জস্য ৰাখিবলৈ গৈ আমি এতিয়াও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছো।আগেয়ে আমি বিভাগৰ জৰিয়তে কৃষকক ৰাসায়নিক সাৰৰ ব্যৱহাৰত উৎসাহ দিছিলো।কিন্তু ৰাসায়নিক সাৰে জৈৱ বৈচিত্ৰ্য আৰু পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইতিমধ্যে প্ৰমাণিত হৈছে।আনহাতে মাটিয়েই খাটি বুলি উল্লেখ কৰি তেওঁৰ মন্তব্য–আমাৰ জনসংখ্যা বাঢ়ি আছে,কিন্তু মাটি বঢ়া নাই।গতিকে আমি পৰিবেশ হিতৈষী জৈবিক পদ্ধতিৰে কৰা কৃষি কৰ্মৰ জৰিয়তে আগুৱাই যাবই লাগিব।একেডৰা মাটিতে জৈবিক পদ্ধতি প্ৰয়োগ কৰি আমি খেতি কৰিব লাগিব। এইক্ষেত্ৰত একেডৰা মাটিতে বাৰে বাৰে একেবিধ শইচৰ খেতি নকৰি সালসলনি কৰি খেতি কৰাৰো তেওঁ পৰামৰ্শ দিয়ে।এইক্ষেত্ৰত মাটিৰ স্বাস্থ্য অটুট ৰখাৰ কাৰণে আমি সজাগ হ’ব লাগিবই বুলিও তেওঁ মন্তব্য কৰে।আনহাতে খেতিপথাৰত ধান খেতি কৰাৰ পিছতেই উক্ত মাটিডৰাত মাহজাতীয় শস্যৰ খেতি কৰাৰ সপক্ষেও তেওঁ মত পোষণ কৰে।কাৰণ মাহজাতীয় শস্যৰ টেমুনাত বাস কৰা ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবিধে মাটিত নাইট্ৰ’জেনৰ যোগান ধৰে আৰু খেতিৰ মাটিক অধিক পৰিমাণে চহকী কৰে।তেনেদৰে ৰঙালাউ খেতিৰ মাজে মাজে বীণৰ খেতি,খেতিডৰাৰ চাৰিওফালে মাকৈ অথবা ভেণ্ডিৰ খেতি লগাব পাৰি বুলি কৈ ইয়াৰ সুফল সম্পৰ্কেও তেওঁ ব্যাখ্যা কৰে।আনহাতে অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খেতিয়কৰ পৰম বন্ধু কেচু,কুমটি,শামুক আদি বিভিন্ন সৰুসুৰা প্ৰাণী লাহে লাহে খেতিপথাৰৰ পৰা নাইকিয়া হৈ অহাৰ ফলত আমাৰ পৰিবেতন্ত্ৰৰ প্ৰতি আহি পৰা ভাবুকিৰো তেওঁ ব্যাখ্যা কৰে।আনহাতে ২০২০ চনৰ এক তথ্য অনুযায়ী সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত ৭৫,০০০,০০০ হেক্টৰ মাটিত এতিয়াও কৃষকসকলে জৈবিক পদ্ধতিৰে খেতি কৰি অহাৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে।আজিৰ এই আলোচনাচক্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা সঞ্চালক ড০ নয়নজ্যোতি দাসেও খেতিত যধেমধে ৰাসায়নিক সাৰ প্ৰয়োগ আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ জৰিয়তে উৎপাদিত সামগ্ৰী খোৱাৰ ফলত মানৱ জাতিলৈ নামি অহা অশনি সংকেতৰ বিষয়ে উল্লেখ কৰে।সুস্থ নিৰোগী দেহ এটা লাভ কৰিবলৈ হলে নিজৰ ঘৰৰ এচুকত জৈবিক পদ্ধতিৰে কৰা শাকনি এডৰা তৈয়াৰ কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়।আনহাতে আলোচনা চক্ৰ সমাপ্তিৰ পিছতেই সমল ব্যক্তি গৰাকীয়ে বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক প্ৰবোধ কলিতা,ফণীধৰ মেচ আৰু সুশীম ঘোষৰ সৈতে সৈতে সৰুপেটাৰ সমীপৰ কলবাৰী গাঁওৰ পথাৰত গঢ়ি উঠা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ‘পহুমাৰা প্ৰডিউচাৰ কোম্পানী লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৰ কাম-কাজৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰণে তালৈ যায় ফাৰ্মখনৰ প্ৰকল্প বিষয়া গৌতম দাস আৰু সমল ব্যক্তি গৰাকীয়ে ঠাইতে ছাত্ৰ- ছাত্ৰীসকলক এই সম্পৰ্কীয় সকলোবোৰ কথা বুজাই দিয়ে।সমল ব্যক্তিগৰাকীয়ে চৰকাৰী অৰ্থসাহাৰ্য পাওক বা নাপাওকেই কেইগৰাকীমান উদ্যোগী যুৱক লগত লৈ মহাবিদ্যালয়খনত প্ৰদৰ্শনীমূলক এখন কলৰ বাগান গঢ়ি তোলাৰ কথাও ঘোষণা কৰে।সামৰণিত মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ অধ্যাপক প্ৰবোধ কলিতাই শলাগৰ শৰাই আগবঢ়ায়।
Trending
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন