উত্তৰ-পূৰ্বৰ তিনি ৰাজ্যত নতুন চৰকাৰ গঠন হ’ব মোদীৰ উপস্থিতিত

0 210

ইতিমধ্যে উত্তৰ-পূৰ্বৰ তিনিৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা ভাৱে হওক বা মিত্ৰজোঁট ভাৱে হওক চৰকাৰ গঠনত অংশীদাৰিত্ব পাইছে।

উত্তৰ-পূৰ্বৰ এই তিনিখন ৰাজ্যই ইতিমধ্যে নিজ নিজ ৰাজ্যৰ ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছে।নাগালেণ্ড আৰু মেঘালয়ত ৭ মাৰ্চত আৰু ত্ৰিপুৰাত ৮ মাৰ্চত ৰাজ্যকেইখনত চৰকাৰ গঠন কৰিব।

এই শপত গ্ৰহণ তিনিটাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।উল্লেখযোগ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে নাগালেণ্ডত চতুৰ্থবাৰৰ বাবে নেইফিউ ৰিঅ’ক বিধায়নী দলে নিৰ্বাচন কৰাৰ মেঘালয়ত দ্বিতীয়বাৰৰ বাবে কনৰাড চাংমাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব। কিন্তু বৰ্তমানলৈকে ত্ৰিপুৰাত কোনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সেয়া এতিয়াও বিজেপি নেতৃত্বই আনুষ্ঠানিক ঘোষণা কৰা নাই।

Leave A Reply

Your email address will not be published.