আজি গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ গাখীৰ চকৰ কাব্য কুঞ্জ ভৱন প্ৰাংগনত অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত উদ্বেলিত ফাগুনৰ নানাৰঙী কবিতা শীৰ্ষক এখনি বহুভাষিক কবি সন্মিলন অতি আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায়।অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিন ভিন জনগোষ্ঠীৰ কবি- সাহিত্যিকেৰে উবুৰি খাই পৰা কবি সন্মিলনত সংস্কৃত, অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়ো, চাওতাল, মিছিং, দেউৰী, মণিপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তিৱা,নেপালী, কোচ, গাৰো, হাজং, উড়িয়া, চৰ-চাপৰি ভাষাৰ ডেৰ শতাধিক কবিয়ে নিজ-নিজ ভাষাত কবিতা পাঠ কৰে। এটোপোলা গ্ৰন্থৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি আন্তৰ্জাতিক চাওতাল পৰিষদৰ অধ্যক্ষ তথা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্বি মাঝিয়ে কয়- ইটো ভাষাৰ লগত সিটো ভাষাৰ মধুৰ সম্পৰ্ক নিহিত হৈ আছে। একতাৰ ডোলেৰে বান্ধ খাই আমি বৰভেটি টনকিয়াল কৰিব লাগে। ভাষা ঈশ্বৰৰ সৃষ্টি নহয়।মানৱ সভ্যতাৰ মগজুৰ বিকাশেৰে ভাষা আগুৱাই গৈছে।চৰাই-চিৰিকতিৰ মাত,জন্তুৰ কন্ঠৰ ওপৰত ভিত্তি কৰি ভাষা সৃষ্টি হৈছে।কবি সন্মিলনৰ আহ্বায়ক তথা বিশিষ্ট কবি-গীতিকাৰ শচীন দাসে আদৰণি সম্ভাষণ জনোৱা সভাখনি আঁত ধৰে প্ৰকাশনৰ সচিব,কবি-সাংবাদিক দীপক শৰ্মাই।অনুষ্ঠানত মুখ্য অতিথি হিচাপে দূৰদৰ্শন আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰীয়ে অংশ লৈ কয়- কথাৰে নহয় কৰ্মৰেহে সমন্বয় সাধন কৰিব লাগে।কোনো ভাষাই,কোনো ভাষাৰে অন্তৰাই নহয়।বৰ অসমৰ ভেটি টনকিয়ালত পৰাগজ্যোতি প্ৰকাশনে লোৱা অনবদ্য ভূমিকা এদিন সোণালী আখৰেৰে লিখা থাকিব। কবি, সাহিত্যিক,চিন্তাবিদসকলে সমন্বয়ৰ সাঁকো সুদৃঢ় কৰিবৰ বাবে সময় থাকোতেই পদক্ষেপ লব লাগে । দীপক শৰ্মা সম্পাদিত উদ্বেলিত ফাগুনৰ নানাৰঙী কবিতা নামৰ কবিতা সংকলনখনি শুভ উন্মোচন কৰি বাংলা সাহিত্যৰ অগ্ৰণী কবি-লেখক নিশুতি মজুমদাৰে কয়- কবিতা সৃষ্টিৰে জগত ধুনীয়া কৰিব পাৰি । সাহস, মনোবল, অধ্যয়ন, ভাষা জ্ঞান, শব্দ, একাগ্ৰতা থাকিব লাগিব ।অনুষ্ঠানত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়ানন দেউৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, মণিপুৰী সাহিত্য পৰিষদৰ উপ-সভাপতি কৈশ্যাম হেমচন্দ্ৰ সিংহ, বৰপেটাৰ বৰনগৰ বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ গোলাম ছাৰৱাৰ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাণীকান্ত গোস্বামী, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, সাহিত্য কোঁৱৰ কমল কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয় গৱেষণা বিভাগৰ সঞ্চালক ড০ ৰঙ্গ ৰঞ্জন দাস, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ যুটীয়া সম্পাদক জ্যোতিষ বৰ্মন, কামৰূপ জিলা তিৱা সাহিত্য সভাৰ সভাপতি পদ্মেশ্বৰ মিথিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ কবিতাৰ মাজেৰে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত সমন্বয় সাধন কৰিব বিচৰা পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লয় । আজিৰ সন্মিলনে ইতিহাসৰ পাতত এক মচিব নোৱৰা গভীৰ আশাবাদ প্ৰকাশ কৰিলে । সভাত ড০ গণেশ্বৰ চহৰীয়া, ড০ অভিজিৎ পায়েং, কিশোৰ কুমাৰ জৈন, বিভা দেৱী, সুস্মিতা মজুমদাৰ, এঞ্জেলিনা দাস,কল্পনা ভৰালী,বুল কুমাৰী বড়া,স্বৰ্গেশ্বৰ স্বৰ্গীয়াৰী, প্ৰতুল চন্দ্ৰ দত্ত, মীনাক্ষী সিনহা, ইভা শইকীয়া দত্ত ভূঞা,দীপিকা দেৱী কলিতা, সবিতা মহন্ত বৰা, জ্যোতিৰ্ময়ী ডেকা,নীলিমা শইকীয়া কোঁৱৰ,গীতালি বিষয়া,ডলি কুমাৰী,ৰতন কুমাৰ আগৰৱালা,হৃষিকেশ দাস, মৌৰাম দাস, চিত্ৰা ডেকা, কনক চন্দ্ৰ ডেকা, ধীৰেণ চন্দ্ৰ দাস,সুমিত্ৰা মজুমদাৰ, বিকাশ শৰ্মা বৰুৱা, গৌৰাঙ্গ মণ্ডল, বশিষ্ঠ মালাকৰ, অনিলা দাস আদিয়ে কবিতা পাঠ কৰে । বেগম ৰুণা লাইলা মজুমদাৰ, দুৰ্গামণি বৰগোহাই, মান্যতা তালুকদাৰ,হিয়াশ্ৰী শৰণীয়া আদিয়ে গীত পৰিবেশন কৰে।বিতা পাঠ কৰা প্ৰতিগৰাকী কবিক এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী