৫০ নং পলাশবাৰী বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত মিৰ্জাস্থিত শ্বহীদ ভৱনত আজি সদ্য ঘোষিত তৃতীয়, চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি লাভ কৰা যুৱক-যুৱতী আৰু গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিহুক প্ৰতিষ্ঠা কৰাত অৱদান আগবঢ়োৱা বিহুৱা-বিহুৱতীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি ১ লাখ নিৱনুৱা যুৱক-যুৱতীসকলক কোনো পইচা নোহোৱাকৈ চৰকাৰী চাকৰি দিম বুলি কৈছিল। সেই অনুপাতে ৰাজ্যৰ বিভিন্ন জিলাৰ নিৱনুৱা যুৱক-যুৱতীসকলে বিভিন্ন বিভাগত চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আজি এনেদৰে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ সুখী অনুভৱ হোৱা বুলি প্ৰকাশ কৰা লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। লগতে অলপতে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা অসমীয়া জন-জীৱনৰ জাতীয় ঐক্য আৰু সমন্বয়ৰ প্ৰতীক ৰঙালী বিহুটিক গ্ৰীনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰাত পলাশবাৰী সমষ্টিৰ পৰা অৱদান আগবঢ়োৱা বিহুৱা-বিহুৱতী সকলক ধন্যবাদ জ্ঞাপন কৰি প্ৰেৰণা যোগায়। সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ নৰকান্ত অধিকাৰী, বিজেপি নেতা অনুপ মেধী, কুশলজ্যোতি মালাকাৰ,পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰ নাথ উপস্থিত থাকি প্ৰেৰণা মুলক ভাষণ প্ৰদান কৰে।ইয়াৰ পিছতে প্ৰায় ডেৰ শতাধিক চৰকাৰী চাকৰি লাভ কৰা আৰু বিহুৱা-বিহুৱতীসকলক একোখনকৈ ফুলাম গামোচা,জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে সৰুসজাইত গ্ৰীনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ড কৰা বিহুগীতটিত সম্বৰ্ধিত বিহুৱতীসকলে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ