৫০ নং পলাশবাৰী বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত মিৰ্জাস্থিত শ্বহীদ ভৱনত আজি সদ্য ঘোষিত তৃতীয়, চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি লাভ কৰা যুৱক-যুৱতী আৰু গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিহুক প্ৰতিষ্ঠা কৰাত অৱদান আগবঢ়োৱা বিহুৱা-বিহুৱতীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি ১ লাখ নিৱনুৱা যুৱক-যুৱতীসকলক কোনো পইচা নোহোৱাকৈ চৰকাৰী চাকৰি দিম বুলি কৈছিল। সেই অনুপাতে ৰাজ্যৰ বিভিন্ন জিলাৰ নিৱনুৱা যুৱক-যুৱতীসকলে বিভিন্ন বিভাগত চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আজি এনেদৰে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ সুখী অনুভৱ হোৱা বুলি প্ৰকাশ কৰা লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। লগতে অলপতে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা অসমীয়া জন-জীৱনৰ জাতীয় ঐক্য আৰু সমন্বয়ৰ প্ৰতীক ৰঙালী বিহুটিক গ্ৰীনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰাত পলাশবাৰী সমষ্টিৰ পৰা অৱদান আগবঢ়োৱা বিহুৱা-বিহুৱতী সকলক ধন্যবাদ জ্ঞাপন কৰি প্ৰেৰণা যোগায়। সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ নৰকান্ত অধিকাৰী, বিজেপি নেতা অনুপ মেধী, কুশলজ্যোতি মালাকাৰ,পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰ নাথ উপস্থিত থাকি প্ৰেৰণা মুলক ভাষণ প্ৰদান কৰে।ইয়াৰ পিছতে প্ৰায় ডেৰ শতাধিক চৰকাৰী চাকৰি লাভ কৰা আৰু বিহুৱা-বিহুৱতীসকলক একোখনকৈ ফুলাম গামোচা,জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে সৰুসজাইত গ্ৰীনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ড কৰা বিহুগীতটিত সম্বৰ্ধিত বিহুৱতীসকলে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন