মাজুলী তিনি সন্তানৰ সাফল্য

0 433

মাজুলীৰ অন্যতম শিক্ষানুষ্ঠান চামগুৰি সত্ৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৮৩ নম্বৰ তথা ৯৭.১৬শতাংশ লাভ কৰি বিদ্যলয়ৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনে৷ মাত্ৰ ২ নম্বৰ কম হোৱাৰ বাবেই গৌৰৱৰ দশম স্থানৰ তালিকাৰ ভিতৰত নাম অন্তৰ্ভুক্ত নহ’ল ৷মাজুলীৰ মেখেলিগাঁৱৰ পলাশ শইকীয়া আৰু পৰিস্মীতা শইকীয়াৰ পুত্ৰ গৌৰৱ শইকীয়াৰ এই কৃতিত্বৰ বাবে অঞ্চলবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷
ইফালে মাজুলীৰ অতি চৰ অঞ্চলৰ ১ নং বনৰীয়া চাপৰি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ভৰত মিলি আৰু নিৰদা মিলিৰ সুযোগ্য কন্যা ধুনমণি মিলিয়ে মাজুলীৰ ৰতনপুৰ হাইস্কুলৰ পৰা ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ডিস্টিংচন সৰ্বমুঠ ৫১৫ নম্বৰ তথা ৮৫.৮৩ % পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ধুনমণিৰ সফলতাত পিতৃ-মাতৃ অত্যন্ত সুখী বুলি মন্তব্য কৰিছে ৷আনহাতে নতুন বজাৰ মাজুলীৰ পৰেশ চন্দ্ৰ বৰদলৈ আৰু জোনমণি বৰা বৰদলৈৰ সুযোগ্য সন্তান অভিলাশ বৰদলৈয়ে জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫টা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ ৪৯২ নম্বৰ তথা ষ্টাৰ পাই উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি বিভিন্ন জনে শুভকামনা জনাইছে৷
বাতৰি যুগুতালে মাজুলীৰ পৰা প্ৰাঞ্জল গাৰে।

Leave A Reply

Your email address will not be published.