ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি এক অভিযান চলোৱা হয়।অভিযানৰ লগত সংগতি ৰাখি ২৪ মে’ত গুৱাহাটী বনাঞ্চলিক বিষয়া কৰ্যালয়ৰ বনকৰ্মী সকলে আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বিগত ২০২২ বৰ্ষত মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত ৰোপণ কৰা গছপুলি সমূহৰ পৰিচৰ্যা কৰে।তেনেদৰে চাফাই অভিযানৰ জৰিয়তে কাৰ্যাল়য় চৌহদটো চাফ – চিকুণ কৰি পৰিষ্কাৰ-অনুকূল জীৱনশৈলীক আঁকোৱালি শীৰ্ষক শ্লোগান দিয়ে। আনহাতে একেটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নৰ নেতৃত্বত আজি এটা বনকৰ্মীৰ দলে দুখন বিদ্যালয়ত ২০২২ চনত আৰম্ভ কৰা একে আঁচনিৰ অধীনত ৰোপণ কৰা গছপুলি সমূহৰ পৰিচৰ্যা, ৰোপণ লগতে চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়।কাৰ্যসূচীৰ অধীনত দুয়োখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত পৰিষ্কাৰ-অনুকূল জীৱনশৈলীক আঁকোৱালি লৈ কেনেকৈ সেউজীয়া ভৱিষ্যতৰ সূচনা কৰিব পাৰি তাৰ কাৰণে সজাগতা সৃষ্টি কৰে।লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নে।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare