১৬ শতিকাৰ মহান সেনানায়ক চিলাৰায়ক লৈ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছ (আই জি এন চি এ)- প্ৰয়াস আৰম্ভ কৰিছে। সেই উদ্দেশ্যে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্রালয়ৰ এই সংস্থাৰ উত্তৰ পূব ক্ষেত্ৰীয় কেন্দ্ৰৰ উদ্যোগত গুৱাহাটীত শুভাৰম্ভ হৈছে পৰিৱেশনমূলক নাট্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। উল্লেখ্য, গুৱাহাটীস্থ শংকৰ মাধৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ পৰম্পৰা প্ৰৱাহত এই সংস্থাৰ ক্ষেত্ৰীয় সঞ্চালক সুৰেশ গদুকাৰ উপস্থিতিত টাইমছ অৱ ইণ্ডিয়াৰ আৱাসিক সম্পাদক প্ৰবীণ কলিতাই মুখ্য অতিথি হিচাপে কৰ্মশালাখন শুভ উদ্বোধন কৰে। এনে কাৰ্যসূচীৰ জৰিয়তে নাট্য প্ৰতিভা সঠিকভাৱে বিকশিত হোৱাত আৰু অসমৰ সহায়ক হ’ব বুলি কলিতাই আশা কৰে। গদুকাই চিলাৰায়ৰ দৰে ব্যক্তিত্ব আৰু সেই সময়ৰ ঐতিহাসিক গুৰুত্বক সৰ্বভাৰতীয় পৰ্যায়ত উপস্থানৰ বাবে নাট্যকলাৰ প্ৰয়োগ সফল হ’ব বুলি কয়। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে নাট পৰিচালক, সাহিত্যিক আৰু নাট্যকাৰ প্ৰভাত গোস্বামী, চিবিএফচিৰ উপদেষ্টা পেনেলৰ সদস্য শৈলেন্দ্ৰ পাণ্ডে, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক আৰু সত্ৰীয়া শিল্পী চিত্ৰলেখা গগৈ আৰু নিমানন্দ দাস উপস্থিত থাকে।মহাবীৰ চিলাৰায়ৰ জীৱন আধাৰিত নাট কৰ্মশালাখনত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ২৭ জনুত এই কৰ্মশালাখনৰ অন্তত “মহাবীৰ চিলাৰায়” নাটখন হিন্দী ভাষাত পৰিৱেশনেৰে সামৰণি পৰিব। এই প্ৰকল্পৰ ৰূপায়ণৰ দায়িত্বত আছে সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা বিজয়ী নাট্য পৰিচালক আৰু গৱেষক হিমাংশু শৰ্মা।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি