প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকসকলৰ সুবিধা হোৱাকৈ কামৰূপ (মহানগৰ) জিলাত আজিৰে পৰা আয়োজন কৰা হৈছে পি এম কিষাণ বিশেষ শিবিৰ৷ জিলা উন্নয়ণ আয়ুক্ত গৌৰী শংকৰ দাসে আজি চন্দ্ৰপুৰ উন্নয়ণ খণ্ডত আয়োজিত শিবিৰ পৰিদৰ্শন কৰে৷ বিষয়াগৰাকীক সংগ দিয়ে চন্দ্ৰপুৰৰ ৰাজহ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বৰ্মন, জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰীয়ে৷ শিবিৰত আজি ডেৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰে৷ এই শিবিৰত সমূহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে বায়’মেট্ৰিক ই-কে ৱাই চিৰ সুবিধাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত কৃষি সক্ষী, জীৱিকা সক্ষী, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সহায়ত কৃষকসকলৰ ই- কে ৱাই চি সম্পাদন কৰাৰ ব্যৱস্থা লোৱা হৈছে যাতে আঁচনিৰ কিস্তিৰ ধন তেওঁলোকে অসুবিধা নোহোৱাকৈ পাব পাৰে৷ বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত কৃষকসকলৰ বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নকৰণৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধাও শিবিৰত আগবঢ়োৱা হয়৷ শিবিৰত ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংকৰ প্ৰতিনিধিৰ সহায়ত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউন্ট খোলাৰ সুবিধাও প্ৰদান কৰা হয়৷ শিবিৰত কাইলৈও শতাধিক কৃষকে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে সাতগাঁৱৰ কৃষি উন্নয়ণ বিষয়া প্ৰফুল্ল চহৰীয়াই৷ জিলাখনৰ ডিমৰীয়া উন্নয়ণ খণ্ডৰ অধীনৰ ধূপগুৰি গাওঁ পঞ্চায়ত কাৰ্যালয় আৰু হঁহৰা গাওঁ পঞ্চায়ত কাৰ্যালয় আৰু ৰাণী উন্নয়ণ খণ্ডৰ অধীনৰ ধাৰাপুৰ কৃষি বিষয়াৰ কাৰ্যালয়তো পি এম কিষাণ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে৷
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন