মহানগৰীৰ পানীযোগান প্ৰকল্পৰ পাইপলাইনৰ দুৰ্ঘটনা সন্দৰ্ভত আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞৰ সৈতে বৈঠক মন্ত্ৰী অশোক সিংহলৰ

0 202

জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ পাইপলাইনত শেহতীয়াকৈ সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞৰ সৈতে মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হয়৷ প্ৰতিষ্ঠানখনিৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰফেচাৰ ৰাজীৱ কুমাৰ ভট্টাচাৰ্যৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰকল্পৰ সমগ্ৰ পাইপলাইন,ভাল্‌ভ,জলাধাৰ আদিৰ সুৰক্ষা ব্যৱস্থাৱলীৰ পুংখানুপুংখ অধ্যয়ন কৰি ভৱিষ্যতে এনেধৰণৰ অনাকাংক্ষিত দুৰ্যোগ এৰাই চলাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে বিশেষজ্ঞগৰাকীক আহ্বান জনায়৷ বৈঠকত অধ্যাপকগৰাকীয়ে প্ৰকল্পৰ শেহতীয়া দুৰ্ঘটনাৰ সম্ভাব্য কাৰণ ব্যাখ্যা কৰি এক প্ৰেজেণ্টেশ্যন আগবঢ়োৱাৰ লগতে বিভাগৰ পৰা যাৱতীয় সকলোবোৰ তথ্য লাভ কৰাৰ পাছত পুংখানুপুংখ অধ্যয়ন কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে৷

মন্ত্ৰী সিংহলে প্ৰকল্পৰ সুৰক্ষাগত দিশ, ডিজাইন, ব্যৱহৃত সামগ্ৰীৰ গুণগত মান, অপাৰেশ্যন এণ্ড মেইটেনেন্স আদি সকলোবোৰ দিশ বিশ্লেষণ কৰি যথাসম্ভৱ সোনকালে এক প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিবলৈ আই আই টিৰ অধ্যাপকগৰাকীক আহ্বান জনায়৷ আনহাতে, প্ৰয়োজনসাপেক্ষে মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ সুৰক্ষা পৰীক্ষণৰ কামত দেশৰ অন্যান্য প্ৰান্তত কৰ্মৰত বিশেষজ্ঞ কাৰিকৰী গোটকো নিয়োজিত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে জল ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.