চৰাইদেউ জিলাত অভিভাৱক মন্ত্ৰীৰ দ্বাৰা চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ লগতে সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তুতিমূলক ব্যৱস্থাপনা সম্পৰ্কে পৰ্যালোচনা

0 114

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই যোৱা ১৩ জুন তাৰিখে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ লগতে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তুতিমূলক ব্যৱস্থাপনা সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰে।

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ যেনে- লোকনিৰ্মান (পথ), লোকনিৰ্মান (গৃহ), জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জল সম্পদ, জল সিঞ্চন, শিক্ষা, স্বাস্থ্য, কৃষি, পশুপালন আৰু পশু চিকিৎসা, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম, সমাজ কল্যাণ, ক্ৰীড়া, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আদিৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়।

মন্ত্ৰী গৰাকীয়ে লোকনিৰ্মান- পথ আৰু গৃহ বিভাগৰ অধীনত যিসমূহ আঁচনি ৰূপায়ণৰ গতি ঠিকাদাৰৰ হেমহিৰ বাবে লেহেমীয়া হৈছে, উপায়ুক্তক সেইসকল ঠিকাদাৰৰে বিভাগীয় বিষয়াসহ বৈঠক অনুষ্ঠিত কৰি আঁচনি ৰূপায়ণ গতি তৰান্বিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। তেওঁ লগতে জিলাখনত চলি থকা অসম মালা আঁচনিৰ ৰূপায়ণত পলম হোৱাৰ কাৰক সন্দৰ্ভত উপায়ুক্তক তদন্ত কৰাৰ আহ্বান জনায়। অভিভাৱক মন্ত্ৰী গৰাকীয়ে আঁচনি ৰূপায়ণৰ সময়ছোৱাত সংশ্লিষ্ট বিভাগসমূহক সু-সমন্বয় ৰক্ষাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে।

মন্ত্ৰী গৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা এমজিএনৰেগা আঁচনি ৰূপায়ণৰ সময়ত কৃষি, ৰেচম, উদ্যান শস্য আদি আদি বিভাগক বিকল্প কৃষি, খাদ্য সংসাধন, এড়ি পালন আদি সামৰি দুগুণ আয় আৰু স্বনিয়োজনৰ সম্ভাৱনীয়তা উন্মোচনৰ লক্ষ্যৰে ঐক্যবদ্ধভাৱে কাম যাবলৈ আহ্বান জনায়।ধান খেতিৰ সমান্তৰালভাৱে কৃষি ভূমিত মীন পালনৰ জৰিয়তে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণৰ বাবে কৃষি, জলসিঞ্চন, মীন বিভাগক নিৰ্দেশ দিয়ে।

পৰ্যালোচনা কালত অভিভাৱক মন্ত্ৰী গৰাকীয়ে জল সম্পদ বিভাগক বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে শাৰীৰিকভাৱে আংশিক বাধাগ্ৰস্ত শিশুসকলক কিছু পৰিমাণে হলেও সুস্থ কৰি তোলাৰ লক্ষ্যৰে সংশ্লিষ্ট সকলো বিভাগৰ সহযোগিতাত এক পুনৰ্বাস কেন্দ্ৰ (Rehabilitation Centre) স্থাপন কৰাৰো পোষকতা কৰি কয় যে, এই ক্ষেত্ৰত তেখেতে পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ ইচ্ছুক। জিলা সমাজ কল্যাণ বিভাগক অংগনৱাড়ী কেন্দ্ৰসমূহক শিশু সকলৰ শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধিৰ লক্ষ্যৰে কিছু উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। তেওঁ লগতে চুপাৰভাইজাৰ সকলৰ বাবে কৰ্মশালাৰ আয়োজন কৰি তেওঁলোকৰ সেৱাৰ মান উন্নত আৰু দক্ষতা বিকাশ কৰিবলৈ কয়।

মন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত পশুপালন আৰু পশু চিকিৎসা বিভাগক জিলাখনত কণী আৰু মাংস দৈনিক কিমান বিক্ৰী হয় আৰু ইয়াৰ চাহিদা তথা যোগান কিমান সেই সন্দৰ্ভত এক জৰীপ কৰিবলৈ কয়। তেওঁ কয় যে, উদ্যোগ আৰু বাণিজ্য বিভাগৰ তৰফৰ পৰা জিলাখনৰ ৩,০০০ উদ্যমী যুৱক- যুৱতীক স্বনিয়োজনৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব যাৰ জৰিয়তে তেওঁলোকৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ সপোন বাস্তৱায়িত হ’ব। এই ক্ষেত্ৰত পশুপালন বিভাগৰ লগতে সংশ্লিষ্ট সকলো বিভাগকে সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা কালত জিলাখনৰ চিকিৎসকৰ সংখ্যা, আন্তঃগাঁথনি, সুবিধা- অসুবিধা আদিৰ বুজ লয়। তেওঁ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত আয়ুষ্মান অসম কাৰ্ডৰ হিতাধিকাৰীসকলে যদি চিকিৎসালয়ত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়, তেনে স্থলত এই অসুবিধাসমূহৰ দূৰীকৰণৰ বাবে স্বাস্থ্য বিভাগক এক সক্ৰিয় হেল্প লাইন নম্বৰ মুকলি কৰিবলৈ কয়। তেওঁ আশাকৰ্মী সকলক যোগৰ প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে জিলাখনৰ বিভিন্ন ঠাইত স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ মাজত যোগৰ প্ৰচাৰ আৰু সুস্থ জীৱনশৈলীৰ প্ৰয়োজনীয়তাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ কয়। তেওঁ বিভিন্ন সমাজক সংগঠন আৰু স্বেচ্ছাসেৱীসকলৰ সহযোগত জিলাখনৰ নগৰ অঞ্চলসমূহত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে একোটিকৈ হাস্য ক্লাব (Laughing Club) খোলাৰো পোষকতা কৰে। মানৱ জাতি আজি ক্ৰমশঃ যান্ত্রিকতাৰ দিশে ধাৱমান হোৱাৰ পৰিপ্ৰেক্ষিতত সমাজত বহু নেতিবাচক শক্তিয়ে মূৰ দাঙি উঠি সমাজখনক অন্তঃসাৰশূণ্য কৰি তুলিব ধৰিছে। তেওঁ কয় যে, আমাৰ পাৰম্পৰিক ৰীতি-নীতি, সমাজ-ব্যৱস্থাৰ প্ৰাসংগিকতা আজিৰ যুগত বাৰুকৈয়ে উপলব্ধি কৰা হৈছে। সেয়েহে, ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ- সুন্দৰ আৰু সম্ভাৱনীয়তাৰে পৰিপূৰ্ণ এখন পৃথিৱী গঢ়াৰ বাবে আমি সকলোৱে আমাৰ দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ মূল লক্ষ্য হ’ল জনসাধাৰণৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি। তেওঁ কয় যে, “এই বিকাশ আৰু উন্নতি তেতিয়াহে প্ৰকৃতাৰ্থত অৰ্থপূৰ্ণ হৈ উঠিব যেতিয়া প্ৰতিটো শ্ৰেণীৰ, প্ৰতিটো বয়সৰ মানুহৰ মাজত আমি সুখৰ সূচাংক (Happiness Index) বৃদ্ধি কৰিব পাৰিম”। তেওঁ কয় যে, “ইয়াৰ বাবে প্ৰয়োজন হ’ব মানুহৰ বাবে, সমাজৰ বাবে কিছু ইতিবাচক পদক্ষেপ আগবঢ়োৱাৰ অংগীকাৰ আৰু এই দিশে ধাবিত হোৱাৰ মানসিকতা”। বিভাগীয় কাম কাজৰ লগতে সংশ্লিষ্ট সকলোকে মানৱতাবোধ, জীৱনবোধ আৰু সহমৰ্মিতাৰে কিছু উদ্ভাৱনী চিন্তা আৰু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণৰ জৰিয়তে এখন সুস্থ আৰু সুখী সমাজ নিৰ্মাণত অৰিহণা যোগাবলৈ তেওঁ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে জিলাখনৰ দুয়োটা বিধানসভা সমষ্টিত অতিকমেও পাঁচখনকৈ বিদ্যালয়ত গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত নাটক, কবিতা আবৃত্তিৰ দৰে কৰ্মশালাৰ আয়োজন কৰিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক নিৰ্দেশ দিয়ে। তেওঁ কয় যে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনশীলতা আৰু শিল্পীসুলভ ব্যক্তিত্বৰ বিকাশ ঘটিব আৰু তেওঁলোক বিভিন্ন বেয়া অভ্যাসৰ পৰাও আঁতৰি থাকিব।

বৈঠকত আৰক্ষী অধীক্ষক যুৱৰাজে জিলাখনত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে, সমাজ খনক নিৰাশাবাদী চিন্তাধাৰাৰ পৰা মুক্ত কৰিবলৈ সকলোৰে ইতিবাচক আৰু সন্মিলিত প্ৰচেষ্টা অপৰিহাৰ্য।
মন্ত্ৰী গৰাকীয়ে বৈঠকত জিলাখনৰ সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা প্ৰস্তুতি সম্পৰ্কেও পৰ্যালোচনা কৰে।

বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে পলাশ ৰাজকুমাৰ আহোম, অভিজিত গগৈ, মিৰ্জানা হুছেইন প্ৰমুখ্যে বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.