কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰক স্মৰণ-কুশল কোঁৱৰৰ দেশপ্ৰেমে আমাক দেশসেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰেঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

0 195

শ্বহীদ কুশল কোঁৱৰৰ পূণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ নেহৰু উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচী পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালবৰ্গ, কেবাগৰাকী মুক্তিযুজাঁৰু আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত হিন্দু, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান আৰু শিখ ধৰ্মৰ প্ৰাৰ্থনাৰে বিয়াল্লিশৰ আন্দোলনৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়৷ অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ আৰু উত্তৰ প্ৰদেশৰ পৰা অহা মুক্তি যুজাঁৰু ১১৫ বছৰীয়া স্বামী লেখৰাজীক সম্বৰ্দ্ধনা জনোৱা হয়৷ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে তেওঁৰ ভাষণত স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰে৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ বীৰত্ব আৰু ত্যাগে অসমৰ প্ৰতিগৰাকী লোকক দেশৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰি অহা বুলি তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা কেবাগৰাকী মুক্তিযুজাঁৰু, মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্য, অসম ৰাজ্যিক মুক্তিযুজাঁৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.