কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তিথি উপলক্ষে গুৱাহাটী মহানগৰীৰ হৰিজন কলনিত বাস কৰা চাফাই কৰ্মচাৰী সকলৰ কণ-কণ শিশু তথা অভিভাৱক সকলৰ দ্বাৰা ১৮,১৯,২০ জুনত তিনিদিনীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টিৰাজি নৃত্য, গীত, মাত কথাৰে ৰাভা দিৱস পালন কৰা হয়। উল্লেখ্য সংগীত আৰু কলাৰ জৰিয়তে সমাজ সংস্কাৰিত, বিকশিতৰ লগতে আহ্লাদিত হব পাৰে।এই উদ্দেশ্য আগত ৰাখিয়েই ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মিকী সংগীত বিদ্যালয়ে গুৱাহাটী মহানগৰীৰ আৰ্থিক ভাৱে পিছপৰা হৰিজন কলনিৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক সংস্কাৰিত কৰাৰ বাবে বিভিন্ন ধৰণে প্ৰয়াস চলাই আহিছে।বাল্মিকী সংগীত বিদ্যালয়ৰ মুখ্য প্ৰশিক্ষক অনন্যা তালুকদাৰৰ নেতৃত্বত সততে অনগ্ৰসৰ বুলি ভাবি লোৱা গুৱাহাটী মহানগৰীৰ বিশ টাকৈ বস্তি অঞ্চলৰ চাফাই কৰ্মী সমাজৰ আৰ্থিক ভাৱে পিছ পৰা সহস্ৰাধিক কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক সংস্কাৰিত কৰাৰ উদ্দশ্যেৰে বিনামূলীয়াকৈ অসমৰ জাতীয় প্ৰাণ স্বৰূপ সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, বিহু নৃত্য, আৰু লোক সংগীতৰ প্ৰশিক্ষণ দি থকা হৈছে।ডা.হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে ২০ জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পূণ্যতিথি উপলক্ষ্যে গুৱাহাটী মহানগৰীৰ ১১ খন চাফাই বস্তিত ৰাভা দিৱস পালন কৰে ।উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ নৃত্য, গীত তথা ৰাভা দেৱৰ জীৱনীৰ ওপৰত বক্তৃৃৃৃত্বা আগবঢ়ায়।উল্লেখ্য এই ১১ টা বস্তিত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কাৰ্যসূচীত অসমৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জৰিত বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। উত্তৰ গুৱাহাটী বস্তিত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে অংশগ্ৰহণ কৰে।আনহাতে মৰাখালি-চলাপাৰা বস্তিত আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখিকা তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী,আমাৰ অসমৰ কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই অংশগ্ৰহণ কৰে৷ আনহাতে, দিশপুৰ বস্তিত বিশিষ্ট অভিনেত্ৰী চেতনা দাস, অধিবক্তা বংকিম শৰ্মা, গোশালা বস্তিত অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ আলেক্ষ্য বৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই অংশগ্ৰহণ কৰে৷ আনহাতে, চাবিপুল বস্তিত বিশিষ্ট অভিনেতা মনমথ বৰুৱা , ভগৱৎ প্ৰীতম, ৰূপনগৰ বস্তি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট লেখিকা নম্ৰতা দত্ত উপস্হিত থাকে । ফটাশিল কলনীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে, লোক কলনিত উপস্থিত থাকে কণ্ঠশিল্পী ববিতা শৰ্মাই । ইপিনে উজান বজাৰ হৰিজন কলনিত উপস্থিত থাকে অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল ND 24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাৰ লগতে সংগীত জগতৰ লগত জৰিত বিশিষ্ট সমাজ সেৱক মানস হাজৰিকাই। বামুণীমৈদাম কলনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ জেষ্ঠ সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈৰ লগতে জনপ্ৰিয় কণ্ঠ শিল্পী জিতুল সোণোৱালে।ভঙাগড় বস্তিত উপস্থিত থাকে অনিৰ্বাণ গোস্বামী, ৰেৱকান্ত নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধি ।এই অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেক গৰাকী অতিথিয়ে ড:হেডগেৱাৰ স্মাৰক সমিতিৰ প্ৰচেষ্টাক ভুয়শী প্ৰশংসা কৰে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য