বানপীড়িতক সেৱা আগবঢ়াবলৈ অগপ কৰ্মীক অতুল বৰাৰ আহ্বান

0 147

অসমৰ শেহতীয়া বানপানীত আক্ৰান্ত হোৱা জনসাধাৰণৰ কাষত থাকি সকলো ধৰণৰ সেৱা আগবঢ়াবলৈ আজি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দলটোৰ সকলো বিষয়ববীয়া আৰু সদস্যৰ লগতে ভাতৃ ভগ্নী সংগঠনসমূহকো মুকলি আহ্বান জনাইছে।

ৰাজ্যখনৰ কেইবাখনো জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰৱল বৃষ্টিপাতৰ ফলত অসমৰ বিস্তীৰ্ণ অ়্ঞ্চলত ৰাইজ জলবন্দী হৈ থকাৰ উপৰিও পশুধনৰ আৰু কৃষিভূমি ব্যাপক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যৰ বানপৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী দলীয় সদস্যকে বানপীড়িত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানত জড়িত হ’বলৈ আহ্বান জনাই কয় যে, বৰ্তমানৰ পৰিস্থিতিত দূৰ্গত ৰাইজৰ কাষত থাকি সেৱা আগবঢ়োৱাতো দলৰ প্ৰতিগৰাকী সদস্যৰে নৈতিক দায়িত্ব। বানাক্ৰান্ত অঞ্চল সমূহৰ দূৰ্গত ৰাইজৰ কাষত থাকি সহায় আৰু সাহায্যৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সভাপতি বৰাই দলীয় কৰ্মী সকলক স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ ৰক্ষা কৰি সহযোগিতাৰে বানপীড়িত লোক সকলক সৰ্বতোপ্ৰকাৰে সহযোগ কৰিবলৈও আহ্বান জনায়।

Leave A Reply

Your email address will not be published.