গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড় অসম মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্রমৰ স্বীকৃতি পুনৰ বাহাল ঘোষণা

0 154

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি পুনৰ বাহালৰ ঘোষণা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। পৰৱৰ্তী ৫ টা বৰ্ষলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ স্বীকৃতি বাহাল ৰখাৰ বাবে চিকিৎসা মহাবিদ্যালয় দুখনক আনুষ্ঠানিক পত্ৰ বুধবাৰে প্ৰেৰণ কৰে। এই কথা টুইটাৰৰ এক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰে।

উল্লেখ্য যে, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক পৰ্যালোচনাৰ বাবে আবেদন জনাইছিল। উক্ত আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ যোৱা ৭ জুনত নতুন দিল্লীত শুনানী লৈছিল। উক্ত শুনানিত এনএমচিয়ে সন্তুষ্ট হৈ অসম চিকিৎসা মহাবিদ্যালয়ক ১৭০ টা আসন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক ১৫৬ টা আসনৰ সৈতে এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতিক পুনৰ ৫ বছৰৰ বাবে বৃদ্ধিত অনুমোদন জনাই।

উল্লেখ্য যে, শেহতীয়াভাৱে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে দেশৰ প্ৰায় ১৫০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি এনএমচিয়ে বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। উক্ত চিকিৎসা মহাবিদ্যালয়সমূহ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুসন্ধানৰ কৰি বিভিন্ন ধৰণৰ আঁসোৱাহ ধৰা পেলাইছিল। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এই বাতিলৰ সিদ্ধান্তত অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ো অন্তৰ্ভুক্ত আছিল।

Leave A Reply

Your email address will not be published.