ঢকুৱাখনা মহকুমা আৰু নদীদ্বীপ মাজুলীৰ ভৌগোলিক সুৰক্ষা কৱচ স্বৰূপ ব্ৰহ্মপুত্ৰ নদীৰ চিচি টেকেলিফুটা মথাউৰী।এই মথাউৰীৰ খহনীয়াগ্ৰস্ত এলেকা শনিবাৰে বিয়লি পৰিদর্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই।সাংসদ প্ৰদান বৰুৱা,ঢকুৱাখনাৰ বিধায়ক নৱ দলে,জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি, অতিৰিক্ত মুখ্য অভিযন্তা (উত্তৰ সংমণ্ডল) প্ৰবীণ ভূঞা,লখিমপুৰ জিলাৰ অধীক্ষক অভিযন্তা ৰুদ্ৰেশ্বৰ লাংথাছাসহ এটা শীর্ষ আমোলা বিষয়াৰ দলে প্ৰথমে চিচি টেকেলিফুটা মথাউৰীৰ বান্দেনা চেক বান্ধ,বাঘচুক, লোটাচুৰ,টাকাৰচুকৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰে। লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত স্বতৱান,ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো,সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগুৰ সহযোগত ঢকুৱাখনা জলসম্পদৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ সমগ্ৰ মথাউৰীতো পৰিদর্শন কৰি বিভাগীয় বিষয়া সকলক দিক নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। ব্ৰহ্মপুত্ৰই ভাবুকি সৃষ্টি কৰা গৰাখহনীয়া আক্ৰান্ত অঞ্চল সমূহ পৰিদর্শন কৰি মন্ত্ৰী হাজৰিকাই কয় চলিত বছৰত ব্ৰহ্মপুত্ৰৰ গতি নিয়ন্ত্ৰণ আৰু খহনীয়া ৰোধৰ বাবে ৩-৪ টা মান চেক বান্ধ নিৰ্মাণ কৰিব বিভাগৰ জৰিয়তে আৰু অহা বর্ষত সমগ্ৰ মথাউৰীটোৰ স্পৰ্শকাতৰ এলেকা সমূহত ১১-১২ টা চেক বান্ধ নিৰ্মানৰ লগতে জিঅ বেগৰ কাম কৰি ঢকুৱাখনাবাসীক বান খহনীয়াৰ জটিল সমস্যাৰ পৰা পৰিত্ৰাণ দিব ৰাজ্য চৰকাৰে। চলিত বর্ষত তিনিবাৰ এই খহনীয়া আক্ৰান্ত এলেকা পৰিদর্শন কৰা মন্ত্ৰী হাজৰিকাই বিভাগৰ প্ৰতিৰোধ কামৰ শলাগ লৈ এই ক্ষেত্ৰত নিজৰ দায়বদ্ধতা দোহাৰি “এছিয়ান দেভেলপমেন্ট বেংক” (এ ডি বি)ৰ অৰ্থসাহায্যৰে অনাগত দিনত এখন স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি ২বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব বুলিও নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে ঘিলামৰা জলসম্পদৰ কেইবাখনো আঁচনি পৰিদর্শন কৰি যাৱতিয় কৰ্ম নিৰ্দেশনা দিয়ে বিভাগীয় বিষয়া সকলক।পাছত মন্ত্ৰী গৰাকী মাজুলী জিলাৰ ব্ৰহ্মপুত্ৰৰ খননীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।