নৱম আন্তঃৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ উদ্যোগত ৰাজ্যিক ভিত্তিক যোগ বিষয়ক অনুষ্ঠিত ৰচনা প্ৰতিযোগীতাৰ বঁটা প্ৰদান অনুষ্ঠান চেন্ট্ৰেল গোটা নগৰ মালিগাঁৱত অৱস্থিত পূৰ্বাঞ্চল যোগ তীৰ্থত অনুষ্ঠিত হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট চিকিৎসক ডা° ফৰিদা বেগম উপস্থিত থাকি এক মননশীল বক্তৃতাৰে সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰশাসনিক সম্পাদক প্ৰফুল্ল বৰ্মন, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপিকা ড° মাধন বৰা চহৰীয়া, পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সভানেত্ৰী চিক্তা দেৱ ক’ৰ আদি ব্যক্তিসকল উপস্থিত থাকি ভাষন প্ৰদান কৰে৷ৰাজ্যিক ভিত্তিত যোগ বিষয়ত অনুষ্ঠিত ৰচনা প্ৰতিযোগীতাত যৌথভাৱে প্ৰথম বিজয়ী দিপীকা কলিতা আৰু তাপসী মোডী,দ্বিতীয় স্থান যৌথভাৱে শ্বেখৰ বড়ো আৰু সিদ্ধাৰ্থ ৰয় আৰু যৌথভাৱে তৃতীয় স্থান লাভ কৰা অনুষ্কা হাজৰিকা আৰু দেৱজিৎ শৰ্মাক অনুষ্ঠানত বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় । পূৰ্বাঞ্চল মহিলা যোগ ফাউণ্ডেচনৰ সদস্যাসকলৰ সমবেত সংগীত, কামৰূপী লোকগীত আৰু জেং বিহু অনুষ্ঠানৰ লগতে ডাণিয়া হেনচিকাৰ কণ্ঠত পৰিৱেশন কৰা আধুনিক গীতে উপস্থিত সকলোকে মুগ্ধ কৰে৷যোগ বিষয়ক ৰচনা প্ৰতাযোগীতাৰ সফল ৰূপায়ণৰ বাবে মহিলা যোগ ফাউণ্ডেচনৰ সম্পাদিকা জেফৰিন হাজৰিকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন