অসমৰ চিনেমা জগতৰ বাবে এটি সুখবৰ। বুছান ফিল্ম ফেষ্টিভেলৰ চলচিত্ৰ বিনিয়োগ আৰু সহ-প্ৰযোজনা বজাৰ Asian Project Market ৰ বাবে নিৰ্বাচিত হৈছে চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘Malti My Love’ নামৰ চিনেমা-প্ৰকল্প। এছিয়াৰ সৰ্ববৃহৎ এই প্ৰজেক্ট মাৰ্কেটৰ বাবে এই বছৰ পৃথিৱীৰ ১৩খন দেশৰ ৩০ টা চিনেমা-প্ৰকল্প বাছনি কৰা হৈছে। এছিয়ান প্ৰজেক্ট মাৰ্কেট কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে আৰু নিৰ্বাচিত চলচিত্ৰ পৰিচালক আৰু প্ৰযোজকসকলৰ তালিকা প্ৰকাশ কৰিছে। অহা ৭ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ বুছান এক্সজিবিছন এণ্ড কনভেনছন চেণ্টাৰ’ৰ ১ নং এক্সিবিছন চেণ্টাৰত ‘এছিয়ান মাৰ্কেট প্ৰজেক্ট ২০২৩’ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, পৃথিৱীৰ ৫০খন দেশৰ ৩৯৯টা ফিছাৰ প্ৰকল্পৰ ভিতৰত ৰীমা দাসৰ প্ৰকল্পটো ধৰি কেৱল ৩০ টা প্ৰকল্পহে নিৰ্বাচিত হৈছে। এছিয়ান মাৰ্কেট প্ৰজেক্টলৈ ৰীমা দাসৰ Malti My Love চিনেমা প্ৰকল্প নিৰ্বাচিত হোৱাৰ খবৰে স্বাভাৱিকতে আনন্দ কঢ়িয়াই আনিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন