অসমৰ চিনেমা জগতৰ বাবে এটি সুখবৰ। বুছান ফিল্ম ফেষ্টিভেলৰ চলচিত্ৰ বিনিয়োগ আৰু সহ-প্ৰযোজনা বজাৰ Asian Project Market ৰ বাবে নিৰ্বাচিত হৈছে চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘Malti My Love’ নামৰ চিনেমা-প্ৰকল্প। এছিয়াৰ সৰ্ববৃহৎ এই প্ৰজেক্ট মাৰ্কেটৰ বাবে এই বছৰ পৃথিৱীৰ ১৩খন দেশৰ ৩০ টা চিনেমা-প্ৰকল্প বাছনি কৰা হৈছে। এছিয়ান প্ৰজেক্ট মাৰ্কেট কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে আৰু নিৰ্বাচিত চলচিত্ৰ পৰিচালক আৰু প্ৰযোজকসকলৰ তালিকা প্ৰকাশ কৰিছে। অহা ৭ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ বুছান এক্সজিবিছন এণ্ড কনভেনছন চেণ্টাৰ’ৰ ১ নং এক্সিবিছন চেণ্টাৰত ‘এছিয়ান মাৰ্কেট প্ৰজেক্ট ২০২৩’ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, পৃথিৱীৰ ৫০খন দেশৰ ৩৯৯টা ফিছাৰ প্ৰকল্পৰ ভিতৰত ৰীমা দাসৰ প্ৰকল্পটো ধৰি কেৱল ৩০ টা প্ৰকল্পহে নিৰ্বাচিত হৈছে। এছিয়ান মাৰ্কেট প্ৰজেক্টলৈ ৰীমা দাসৰ Malti My Love চিনেমা প্ৰকল্প নিৰ্বাচিত হোৱাৰ খবৰে স্বাভাৱিকতে আনন্দ কঢ়িয়াই আনিছে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ