ডিমা হাচাও জিলাৰ সদৰ হাফলং চহৰত ১৯৮৩ চনত অসমৰ বিভিন্ন ঠাইৰ পৰা তাত গৈ বসতি কৰা লোকসকলে স্থাপন কৰিছিল এটা নামঘৰ। এইবেলি ৭ আগষ্টৰ পৰা ১৩ আগষ্টলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে হাফলং নামঘৰৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ – মালহৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ১২ আগষ্টৰ দিনা নিশা অসমৰ বিভিন্ন ঠাইৰ পৰা গৈ তাত বাস কৰা অসমীয়া মহিলা সকলে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত “সীতা হৰণ বালী বধ” নামৰ অংকীয়া ভাওনাখন মঞ্চস্থ কৰে।হাফলং নামঘৰৰ পৰিচালনাত চহৰ খনত বাস কৰা ১৬ গৰাকী মহিলাই অংকীয়া নাটখনত প্ৰায় চাৰে তিনি ঘণ্টা ধৰি সুন্দৰ মনপৰশা অভিনয়ৰে উপস্থিত তিনি শতাধিক দৰ্শকক আপ্লুত কৰে৷এসময়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বেষ্ট কেডেটৰ সন্মান লাভ কৰা গুৱাহাটীৰ কাহিলীপাৰাৰ উচ্চ শিক্ষিত জীয়ৰী আৰু বৰ্তমান হাফলং চহৰত এখন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰী ডঃ ববিতা ইংতিপিৰ সামগ্ৰিক ব্যৱস্থাপনাত সফলভাবে মঞ্চস্থ হোৱা নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে – ৰাৱণত ডঃ ববিতা ইংতিপি, ৰামত হিমাদ্ৰী বৰা, লক্ষ্মণত অণিমা হাজৰিকা ,সীতাত কৰবী পাঠক, মাৰীচত ৰেখামণি গগৈ,শূৰ্পনখাত বিজু দাস আৰু প্ৰতিমা বৰদলৈ (ৰাক্ষস ৰূপ) , বালীত মইনা তামুলী উজীৰ, সুগ্ৰীবত বৰ্ণালী মহন্ত, হনুমানত অঞ্জনা খনিকৰ চেতিয়া,জাম্বুবন্তত ইন্দ্ৰ জইচি, জটায়ুত দেবী যায়,কবন্ধত কবিতা বৈশ্য,অংগদত কোহেলিকা বৰকাকতি,তাৰাত ৰশ্মি বৰা, মায়াবন্তত মধুষ্মিতা বুঢ়াগোহাঁই আৰু দুন্দুভিত নিবেদিতা চেতিয়া। উল্লেখযোগ্য যে হাফলং নামঘৰৰ প্ৰতিষ্ঠা দিৱসত ২০১১ চনৰ পৰা সলনা – সলনিকৈ প্ৰতি বছৰে পুৰুষ আৰু মহিলাই সুকীয়াকৈ অংকীয়া নাট প্ৰদৰ্শন কৰি আহিছে।২০২২ চনত পুৰুষ আৰু মহিলাই একেলগে নাট মঞ্চস্থ কৰিছিল । সেইবাৰ পুৰুষৰ চৰিত্ৰত পুৰুষে আৰু মহিলাৰ চৰিত্ৰত মহিলাই অভিনয় কৰিছিল। কিন্তু এইবেলি মহিলা সকলে নাট প্ৰদৰ্শন কৰোতে পুৰুষৰ চৰিত্ৰটো অভিনয় কৰিছে বুলি বিশেষ ব্যৱস্থাপনাৰ দায়িত্বত থকা ডঃ ববিতা ইংতিপিয়ে জানিবলৈ দিছে। ইফালে হাফলং নামঘৰ পৰিচালনা সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক মানৱ ৰাজবংশীয়ে হাফলং নামঘৰৰ সপ্তাহযোৰা কাৰ্যসূচী সুচাৰুভাবে উদযাপন কৰা বাবে সমূহ হাফলংবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি