আজি গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপৰ বোন্দাস্থিত জনজাতি প্ৰগতি পুথিভঁৰাল প্ৰাংগণত প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদৰ উদ্যোগত ৩২ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰে।পুৱা ভাগত পতাকা উত্তোলন,শ্বহীদ তৰ্পণৰ অন্তত মুকলি সভা অনুষ্ঠিত হয়। প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদৰ সভাপতি কৃষ্ণ কুমাৰ সাপকোটাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে উন্নয়ন পৰিষদৰ সাহিত্য সচিব তথা লেখক ইয়েম বাহাদুৰ চেত্ৰীয়ে।সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা কবি,সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয় আমি ভিন-ভিন ভাষা জানিব লাগে । ভাষা জানিব পাৰিলে সমন্বয়- সংহতি গঢ়িব পাৰি।আমি প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগত সমন্বয়ৰ সাঁকো ডাল কপকপিয়া কৰিব লাগে ।নেপালী ভাষা বহু চহকী ভাষা।অসমীয়া ভাষা- সাহিত্যজগতো নেপালী সাহিত্যিকৰো অৱদান বহু আছে ।নেপালী সাহিত্য সভা, অসমৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নৱ সাপকোটাই সন্মানীয় অতিথিৰ ভাষণত কয়- বহু ত্যাগৰ বিনিময়ত আজিৰ পৰ্যায়ত নেপালী ভাষাই ভাৰতৰ বুকুত ঠন ধৰি উঠিছে । সাহিত্য, কলা, সংস্কৃতি সৰ্বততে নেপালী আগৰণুৱা । আমি ভাষা ৰক্ষাৰ হেতু আগবাঢ়ি আহিব লাগে । সভাত তিৱা সাহিত্য সভাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি ভানাৰাম লালুং,ভাৰতীয় গোৰ্খা পৰিষংগৰ সচিব প্ৰকাশ দা হাল, নাৰেংগী এচ আৰ একাডেমীৰ অধ্যক্ষ কিশোৰ থাপা প্ৰভৃতিয়ে আলহী হিচাপে অংশ লৈ ভাষা ৰক্ষা, সংহতি, একতাৰ ওপৰত আলোকপাত কৰে।উন্নয়ন পৰিষদৰ মুখ্য সচিব অখিল প্ৰকাশ শৰ্মাই প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদে লোৱা বিভিন্ন উন্নয়নমূলক কাম, জাতিৰ বাবে কৰা বিভিন্ন দিশৰ ওপৰত বক্তব্য দাঙি ধৰে।সভাত বৈদেহী উপাধ্যায়, নিধিকা চেত্ৰী, ষাঠী উপাধ্যায়, ধৰিত্ৰী উপাধ্যায়ে নৃত্য, ৰেণু শৰ্মা, কৃষ্ণ প্ৰকাশ উপাধ্যায়, গকুল শৰ্মা,কুমাৰ চন্দ্ৰ চেত্ৰী, কনক চন্দ্ৰ ডেকাই কবিতা আবৃত্তি কৰে।শলাগৰ শৰাই আগবঢ়াই পৰিষদৰ কোষাধ্যক্ষ মোহন শৰ্মাই।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন