মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক এখন সেউজ ৰাজ্যলৈ পৰিণত কৰা আৰু এক কৌটি গছপুলি ৰোপণৰে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ লক্ষ্যৰে ৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি চলি আছে অমৃত বৃক্ষ আন্দোলন। ১৭ ছেপ্টেম্বৰত সামৰণি পৰিবলগীয়া এই আন্দোলনৰ জৰিয়তে ৯ টা দিনত ৰোপণ, বিতৰণ আদিকে ধৰি মুঠ ৯ টা অভিলেখ গঢ়াৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। আজি পৰ্যন্ত ছয়টা দিনত ইতিমধ্যে ছয়টা অভিলেখ স্থাপন কৰা হৈছে।ইফালে ৰাজ্যজুৰি চলি থকা এই অভিযানত গুৱাহাটীৰ নাগৰিকেও যাতে ১৭ ছেপ্টেম্বৰত গছপুলি ৰোপণ অভিযানত ভাগ লব পাৰে তাৰ বাবে বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নাগৰিকৰ মাজত বিতৰণৰ বাবে জিলাখনৰ সকলো চক্ৰ বিষয়াৰ কাৰ্যালয়, , খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় অাৰু গাঁও পঞ্চায়তৰ কাৰ্যালয় , বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসহ ৩২ টা বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী মহানগৰীত ১৭ ছেপ্টেম্বৰত ১.১৭ লাখ টা গছপুলি ৰোপণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। মুঠ ৩২ টা কেন্দ্ৰত গছপুলি যোগানৰ বাবে জালুকবাৰীস্থিত অসম বন বিদ্যালয়, খানামুখ খণ্ড বন বিষয়া অাৰু চন্দ্ৰপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ত গছপুলি মজুতকৰণৰ ব্যৱস্থা কৰা হৈছে। কালি আৰু আজি দুটা দিনত এই ৩২ টা কেন্দ্ৰলৈ ৩৯,৫০০ টাৰো অধিক গছপুলি যোগান ধৰা হয়। তাৰ ভিতৰত ২৫,১৪৮ টা অগৰু , ১২,৮১৪ টা মেহগণি আৰু ১,৮৫৮ টা বগীপমা গছপুলি যোগান ধৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূর্বে এক কৌটি বাণিজ্যিক গছপুলি ৰোপণ অভিযানত ভাগ লৈ এগৰাকী সেউজ সেনানী হবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৭.৩৯ লাখৰা অধিক লোকে নির্দিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য