মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা জুলাই মাহৰ পৰা যান – বাহনৰ গৰাকী সকলক পৰিবহণ কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ৰেহাই আঁচনি ঘোষণা কৰিছিল । সেই আঁচনি সমুহৰ সুফল সমুহ যাতে বাহনৰ গৰাকী সকলে লৈ উপকৃত হব পাৰে তাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলা পৰিবহণ বিষয়া সকলক নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা নিউ গুৱাহাটী বি জি যাৰ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ডেৰ শতাধিক বাহনৰ গৰাকী, চালক আৰু বাহনৰ ব্যৱসায়ৰ লগত জড়িত লোক উপস্থিত থাকে। সভাত কামৰূপ মহানগৰ। জিলাৰ প্ৰৱৰ্তক শাখাৰ জিলা পৰিবহণ বিষয়া আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব হিমাংশু কুমাৰ দাসে সমল ব্যক্তি হিচাপে ভাগ লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চাৰিখন এককালিন ৰেহাই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে। জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে বাহনৰ গৰাকী সকলক এই এককালিন ৰেহাই আঁচনি ক্ৰমে – বাহনৰ মেনুৱেল নথিপত্ৰ সমুহ আপডেট কৰি ডিজিটাইজ কৰা, ১৫ অক্টোবৰৰ ভিতৰত বাহনৰ সক্ষমতাৰ প্ৰমাণ পত্ৰৰ ৰেহাই কৰ আদায় দিয়া, ২০২২ বৰ্ষৰ ১৮ জুলাইৰ আগতে বিভাগক অৱগত নকৰাকৈ স্ক্রেপ কৰা বাহনৰ ৰেহাই কৰ পৰিশোধ কৰা , অসম বাহন স্ক্ৰেপেজ নীতি – ২০২২ আদি সুন্দৰকৈ বাখ্যা দাঙি ধৰে। সভাত যান – বাহন পৰিদৰ্শকদ্বয় জয়সিং ৰংফাৰ আৰু কানাই মহন্ত, প্ৰৱৰ্তক পৰিদৰ্শক মোজ্জামিল হুছেইন, পি বি লামা, বি উপাধ্যায় উপস্থিত থাকে। সভাত বাহনৰ কেবাগৰাকী প্ৰতিনিধিয়েও তেওঁলোকে ভোগ কৰি অহা সমস্যা সমুহ পৰিবহণ বিভাগৰ বিষয়া সকলক অৱগত কৰে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে যিসকল বাহনৰ গৰাকীযে এই আঁচনি সমুহৰ সুফল লাভ কৰিব পৰা নাই তেঁওলোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই সভাৰ আয়োজন কৰা হৈছিল।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন