ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৰাজ্যিক ভিত্তিত গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় চৰিত্ৰাভিনয় প্ৰতিযোগিতাত যোৰহাটৰ ন-আলি ঢেকিয়াজুলি সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী দলটিয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সংগীত শিক্ষক বিপুল বুঢ়াগোহাঁই আৰু শিক্ষক মৃণাল শইকীয়াৰ পৰিচালনাত নাট্য দলটিয়ে ইতিপূৰ্বে যোৰহাট জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত কৰা জিলা ভিত্তিত চৰিত্ৰাভিনয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিল।অভিনয়ত অংশগ্ৰহণ কৰা দলৰ ছাত্ৰী ক্ৰমে বনস্মিতা গগৈ,ডিম্পী নেওগ, সুকণ্যা বৰা আৰু দেৱাশ্ৰী বৰা। শিক্ষক দুলাল বৰদলৈ আৰু শিক্ষয়িত্ৰী তুলসী বৰদলৈ তত্বাৱধানত যাত্ৰাকৰা দলটিয়ে চৰিত্ৰাভিনয় Role play খনিৰ ৰচনা নাট্যকাৰ তথা ভাস্কৰ্য শিল্পী প্ৰৱীন কুমাৰ বৰদলৈ।চৰিত্ৰাভিনয় দলটিয়ে অভিনয়ৰ জড়িয়তে বিদ্যালয়,অঞ্চল তথা জিলালৈ গৌৰৱ কঢ়িয়াই অনাত বিদ্যালয়ৰ অধ্যক্ষা ধৰিত্ৰী হাজৰিকাই বিদ্যালয়ৰ পৰিয়াল বৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য