গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত পহিলা নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ২৮ সংখ্যক আন্তৰ্জাতিক গুৱাহাটী বাণিজ্য মেলা আয়োজন কৰা হৈছে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েশ্যন অৱ আছাম (আইটিএফএএ)ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে আইটিএফএএ, এন ই আৰৰ উপ-সভাপতি ৰাজেশ দাসে। তেওঁ লগতে কয়- ৩ নৱেম্বৰৰ আবেলি ৪ বজাত গুৱাহাটী বাণিজ্য মেলাৰ স্থানত অসমৰ ছয়গৰাকী বিশিষ্ট ব্যক্তি- ডাঃ নোমল বৰা, নেলী আহমেদ, অৰুণ শৰ্মা, সঞ্জীৱ নাৰায়ণ, শ্বেখ ব্ৰাদাৰ্ছ আৰু সঞ্জীব সভাপণ্ডিতক গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা প্ৰদান কৰা হ’ব। সেইদিনাই মেলাখন আনুষ্ঠানিকভাবে মুকলি কৰা হ’ব। এই মেলাৰ লগত সংগতি ৰাখি চিত্ৰাংকণ, আধুনিক নৃত্য আৰু ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিজয়ী সকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।’ মেলাখনত টাটা মটৰ্ছ, ভাৰতীয় উদ্যোগ বিকাশ প্ৰতিষ্ঠান (ইডিআইআই)য়ে অংশগ্ৰহণ কৰিব। এভন ফিটনেছ সামগ্ৰী, তৰু’ছ উদ্যোগ, কামাখ্যা নাৰ্চাৰী, প্ৰেষ্টিজ, পদম বুকচ, ফাৰ্নিচাৰ হাব, ট্ৰাইফেড, কুটচিনা, হিন্দৱেৰ, এম্বিচন মালয়েচিয়ান কোকাৰী আৰু মেলামাইন, গিফ্টাচিও, ফুটৱেৰ, পাঞ্জাৱ হস্ততাঁত, মায়া ইলেক্ট্ৰনিক্স, স্মাৰ্ট চেভ, পেচন কাৰ্পেট, এম এম চিল্ক, ৰয়েল উড ফাৰ্নিচাৰ, ৰাজস্থানী আচাৰ, গুজৰাটি নমকিন, জয়পুৰ টেক্সটাইল, গাজক, কিৰমানিয়া কাশ্মীৰ হস্ততাঁত, উত্তৰ প্ৰদেশ হস্ততাঁত, পুতলা, আয়ুৰ্বেদিক সামগ্ৰী। থাই সামগ্ৰী, আফগানিস্তান, বাংলাদেশৰ জামদানি শাৰী আৰু আন বহুতো সামগ্রী উপলব্ধ হ’ব। মেলাখনত এনএছআইচি আৰু ডিচি (হস্তশিল্প)ৰ দুটা বিশাল পেভিলিয়ন থাকিব য’ত সমগ্ৰ দেশৰ উদ্যোগীসকলে অংশগ্ৰহণ কৰিব। এই মেলাত প্ৰায় ২০০ বিপণীয়ে অংশগ্ৰহণ কৰিব। মেলাৰ প্ৰৱেশ পত্ৰৰ মূল্য ৩০ টকা ধাৰ্য কৰা হৈছে। এন এছ আই চি,এমএছএমই, ডিচি (হস্তশিল্প) টেস্ক্সটাইল মন্ত্ৰালয়, দ্য আছাম ট্ৰিবিউন আৰু অসম বাণিজ্য প্ৰচাৰ সংস্থা (এটিপিঅ’)ৰ সহযোগত অনুষ্ঠিত হ’ব লগীয়া মেলাত সকলোৰে উপস্থিতি কামনা কৰিলোঁ।’ সংবাদ মেলত আইটিএফএএ, এন ই আৰৰ সম্পাদকদ্বয় ৰাজীৱ দাস,মিত দাস, কোষাধ্যক্ষ প্ৰবীণ ঠাকুৰ উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য