বিশ্ববিশ্ৰুত শিল্পী,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু দিৱসত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আজি শুভ মুক্তি দিয়া হয় “হে’ সুধাকণ্ঠ”শীৰ্ষক এটি গীতৰ। গীতৰ কথা,সুৰ আৰু কণ্ঠ চন্দ্ৰনয়ন দাসৰ। এই উপলক্ষে আজি যোৰহাটৰ মাছৰহাটৰ কুৱেভাৰ ষ্টুডিঅ’ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰি “হে’ সুধাকণ্ঠ”শীৰ্ষক গীতটিৰ শুভ উন্মোচন কৰে দিহা গুৰু যতীন বৰাই। অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডা:নৰোত্তম সোণোৱাল,মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস,লক্ষীৰাম দুৱৰা দাস,অভিজিত দাস,মৃদুল ভৰালী,পাৰ্থ দাস,দেবাংগ কলিতা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মাজুলীৰ গ্ৰেজিং কৈৱৰ্ত্ত গাঁৱৰ প্ৰয়াত বনমালী দাস আৰু ফুলেশ্বৰী দাসৰ পুত্ৰ কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ চন্দ্ৰনয়ন দাসৰ এই মহৎ প্ৰয়াসৰ শলাগ লৈ বক্তব্য ৰাখে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ