ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিবাহক সভা সম্পন্ন

0 124

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন কালি অনুষ্ঠিত হৈ যায়। যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যৰ পৌৰহিত্যত নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গৰ বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্যকাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মণ্ডল সমূহ সৱলীকৰণ সম্পৰ্কে আলোচনা হয়।ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বাঞ্চাল, তৰুণ চুঘ , ৰাষ্ট্ৰীয় সহঃ সাংগঠনিক সম্পাদক শিৱ প্ৰকাশ উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাত ৰাজনৈতিক আৰু শৈক্ষিক বিষয়ত দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় সহঃ সাংগঠনি সাধাৰণ সম্পাদক শিৱ প্ৰকাশে যুৱ মৰ্চাৰ মণ্ডলসমুহক পুৰ্বতকৈ অধিক শক্তিশালী ৰূপত সংগঠিত কৰাৰ বাবে পোষকতা কৰে।
ভাৰতৰ প্ৰতিখন ৰাজ্যৰ পৰা প্ৰতিনিধি উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাখনত অসমৰ পৰাও ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাৰ নেতৃত্বত উপ-সভাপতি জোনজ্যোতি কাশ্যপ, জয়ন্ত শইকীয়া, ধুৰুম বসুমতাৰী, সাধাৰণ সম্পাদক তাপস কলিতা আৰু ত্ৰিদীৱজ্যোতি মৰাণে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.